শ্বহীদ জোৱান পদুম বাহাদুৰ শ্ৰেষ্ঠৰ পৰিয়াললৈ ২০লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ

শ্বহীদ

জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাত পাকিস্তানী সেনাৰ আক্ৰমণত শ্বহীদ হোৱা অসম সন্তান তথা ভাৰতীয় সেনাৰ গোৰ্খা ৰেজিমেণ্টৰ জোৱান পদুম বাহাদুৰ শ্ৰেষ্ঠৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।দেশ ৰক্ষা কৰিবলৈ যোৱা বীৰ শ্বহীদগৰাকীৰ ত্যাগৰ মূল্য কেতিয়া অথলে নাযায় বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সোণোৱালে।লগতে, শ্বহীদগৰাকীৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

আনহাতে শ্বহীদ পদুম বাহাদুৰৰ পৰিয়াললৈ ২০লাখ টকা আৰ্থিক সাহায্য দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

দেওবাৰে পুৱতি নিশা পাক সেনাৰ আক্ৰমণত শ্বহীদ হোৱা জোৱান পদুমৰ ঘৰ আছিল গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰ হাতীঘুলিত।৪১বছৰীয়া শ্বহীদ জোৱানজনে মৃত্যুৰ সময়ত এৰি থৈ গৈছে পিতৃ-মাতৃ,পত্নীৰ লগতে দুই কন্যা আৰু এটা পুত্ৰ সন্তানক।

Your Comments