বঙাইগাঁও জিলা ইতিহাস সংকলন সমিতিৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা আৰু বক্তৃতানুষ্ঠান

bgn

বঙাইগাঁওঃ

ভাৰতীয় ইতিহাস সংকলন সমিতিৰ অন্তৰ্গত অসম ৰাজ্যিক সমিতিৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত দেওবাৰে বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত পেঞ্চনাৰ ভৱনত এখন গ্ৰন্থ উন্মোচনী সভা আৰু বক্তৃতানুষ্ঠান অনুষ্ঠিত হয় ৷ বিয়লিৰ ভাগত অনুষ্ঠিত এই অনুষ্ঠানতে বঙাইগাঁও জিলাৰ ইতিহাস সংকলন সমিতিয়ে যুগুতাই দিয়া প্ৰৱন্ধৰ অন্তৰ্ভুক্তিৰে ভাৰতীয় ইতিহাস সংকলন সমিতিৰ মুখপত্ৰ' ইতিহাস বাৰ্তা'ৰ বঙাইগাঁও জিলাভিত্তিক সংখ্যাটি উন্মোচন কৰা হয় ৷ মুখপত্ৰখন উন্মোচন কৰে বঙাইগাঁও শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিচিত্ৰ শৰ্মাই ৷ এই অনুষ্ঠানত ভাৰতীয় ইতিহাস সংকলন সমিতিৰ ৰাজ্যিক ইতিহাস প্ৰণেতা সমিতিৰ সচিব শচীন্দ্ৰ কুমাৰ কলিতাই ভাৰতীয় ইতিহাস সংকলন যোজনাৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰে ৷ উল্লেখ্য যে এই অনুষ্ঠানতে 'মহাত্মা গান্ধীৰ চিন্তা আৰু  কীৰ্তিত ভাৰতীয় দৰ্শনৰ প্ৰতিফলন 'শীৰ্ষক বক্তৃতাৰো আয়োজন কৰা হয় ৷ এই বক্তৃতানুষ্ঠানত সংস্থাটোৰ ইতিহাস প্ৰণেতা সমিতিৰ প্ৰান্তীয় সচিব তথা গুৱাহাটী আই আই টিৰ সহকাৰী পঞ্জীয়ক ড° শুভ্ৰজিৎ চৌধুৰী আৰু সাংবাদিক ৰঞ্জিত কুমাৰ শৰ্মাই বিষয়বস্তু সন্দৰ্ভত বক্তব্য দাঙি ধৰে ৷

সংস্থাটোৰ বঙাইগাঁও জিলা সমিতিৰ কাৰ্যকৰী সভাপতি মনুচাঁদ সিংহই সভাপতিত্ব কৰা অনুষ্ঠানটো এটি সমবেত সংগীতেৰে আৰম্ভ হয় ৷ অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা কৰে ভাৰতীয় ইতিহাস সংকলন সমিতিৰ অন্তৰ্গত বঙাইগাঁও জিলা সমিতিৰ সম্পাদক বিদ্যুৎ ৰায়ে ৷ অনুষ্ঠানত টুনীয়া সাহিত্য - সাংস্কৃতিক মঞ্চৰ সভাপতি ধীৰেশ ৰায় ,বঙাইগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী লীনা সিংহ ,বঙাইগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গোপেশ তালুকদাৰ,অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ৰোহিনী কুমাৰ চৌধুৰীও আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ৷ অনুষ্ঠানৰ আঁত ধৰে বঙাইগাঁও শাখা সাহিত্য সভা আৰু টুনীয়া সাহিত্য - সাংস্কৃতি মঞ্চৰ কৰ্মকৰ্তা ৰমেন দাসে ৷ উল্লেখ্য যে অনুষ্ঠানৰ আৰম্ভণিতে ভাৰতীয় ইতিহাস সংকলন সমিতিৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি প্ৰয়াত মুকুন্দ শৰ্মাৰ বিদেহী আত্মাৰ সদগতিৰ বাবে এক মিনিট সময় মৌনতা অৱলম্বন কৰা হয় ৷

ইপিনে এই অনুষ্ঠানতে অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ৰোহিনী কুমাৰ চৌধুৰীৰ গ্ৰন্থ' এটকা মহন্তৰ স্থান মাজুলী'ও উন্মোচন কৰা হয় ৷ চন্দ্ৰ প্ৰকাশে প্ৰকাশ কৰা গ্ৰন্থখন উন্মোচন কৰে অনুষ্ঠানৰ অন্যতম অতিথি শচীন্দ্ৰ কুমাৰ কলিতাই ৷শেষত সভাপতিৰ বক্তব্যৰ অন্তত সম্পাদক বিদ্যুৎ ৰায়ে শলাগৰ শৰাই আগবঢ়োৱাৰ পিচতে অনুষ্ঠানৰ সামৰণি পৰে ৷ আনহাতে সন্ধিয়া একেই স্থানতে টুনীয়া সাহিত্য - সংস্কৃতি মঞ্চৰ ষাঠি সংখ্যক মাহিলী বৈঠকো অনুষ্ঠিত হয় ৷ 

Your Comments