বঙাইগাঁওঃ
অসম বহুভাষিক কবি সন্মিলনৰ বঙাইগাঁও শাখাৰ উদ্যোগত দেওবাৰে বঙাইগাঁৱৰ বৰপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে এখন সভা আৰু কবি সন্মিলন অনুষ্ঠিত হয় ৷ অসম বহুভাষিক কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি কাজী শ্বমীমৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে সভাত উপস্থিত থকা সকলোৱে বিশ্ব শান্তিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায় ৷ ইয়াৰ পিচতে ৰুমী তৰফদাৰে পৰিৱেশন কৰা গীতেৰে সভাৰ কাম আৰম্ভ কৰা হয় ৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কবি সন্মিলনৰ আমন্ত্ৰিত কবি ময়দান আলীয়ে ৷ সভাত অসম বহুভাষিক কবি সন্মিলনৰ প্ৰধান সম্পাদক শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই অসম বহুভাষিক কবি সন্মিলনৰ লক্ষ্য -উদ্দেশ্য আৰু নতুনকৈ শাখা গঠন সম্পৰ্কে ভাষণ প্ৰদান কৰে ৷ ইয়াৰ পিচতে বৰপথাৰ উচ্চ মাধ্যমিক বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি দিলীপ কুমাৰ চৌধুৰী , বিদ্যালয়খনৰ প্ৰধান শিক্ষক ওমৰ আলী ,বিশিষ্ট সমাজকৰ্মী ফৰিদউদ্দিন আহমেদ, সাংবাদিক মনোৱাৰ হুছেইন ,বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ড° নুৰ জামাল, মুস্তাফিজুৰ ৰহমান আৰু মইনুল হকে বক্তব্য ৰাখে ৷ সভাৰ মাজত জ্যোতিষ শৰ্মা আৰু এগৰাকী ছাত্ৰীয়ে গীত পৰিৱেশন কৰে ৷ সভাৰ শেষত এখন বহুভাষিক কবি সন্মিলন অনুষ্ঠিত হয় ৷ কাজী শ্বমীমৰ সঞ্চালনাত অনুষ্ঠিত বহুভাষিক কবি সন্মিলনখনত বৰপেটা ,চিৰাং আৰু বঙাইগাঁও জিলাৰ প্ৰায় ৬০ গৰাকী কবিয়ে স্বৰচিত কবিতা পাঠ কৰি কবি সন্মিলনখন জীপাল কৰি তোলে ৷
- Log in to post comments
- 4 views