বঙাইগাঁওঃ
সদৌ বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অন্তৰ্গত বঙাইগাঁও আঞ্চলিক সমিতিখন দেওবাৰে নতুনকৈ গঠন কৰা হয় ৷ এই উদ্দেশ্যে আক্ৰাছুৰ বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত মুখ্য কাৰ্যালয়ত জিলা সমিতিৰ সভাপতি গোলাপ পাঠকৰ সভাপতিত্বত এখন সাধাৰণ সভা অনুষ্ঠিত হয় ৷ বৃহত্তৰ বঙাইগাঁও অঞ্চলৰ বাখাৰাপাৰা ,বৰপাৰা ,ভাকাৰীভিটা আৰু দোলাইগাঁও অঞ্চলক সামৰি অনুষ্ঠিত সভাত ৰাতুল সৰকাৰক সভাপতি , হেৰম্ব ৰায় আৰু কৰ্ণপ চৌধুৰীক উপ সভাপতি ,নয়নজ্যোতি চৌধুৰীক সাধাৰণ সম্পাদক ,টিংকু সিংহ আৰু তপন সৰকাৰক সহকাৰী সাধাৰণ সম্পাদক ,জয়প্ৰতীম সৰকাৰক বিত্ত সম্পাদক,ধনঞ্জয় ৰায়ক প্ৰচাৰ সম্পাদক, ভগীৰথ মহন্তক মুখ্য সাংগঠনিক সম্পাদক আৰু বিক্ৰমজিৎ ৰায়ক কাৰ্যালয় সম্পাদক হিচাপেলৈ মুঠ ৩১ জনীয়া সদস্যৰে আক্ৰাছুৰ বঙাইগাঁও আঞ্চলিক সমিতিখন পূৰ্ণাংগ ৰূপত গঠন কৰা হয় ৷
সভাত আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অৰুণ কুমাৰ ৰায় ,সাধাৰণ সম্পাদক গোকুল বৰ্মন ,উপ সভপতি ক্ষীতিশ বৰ্মন ,সাংগঠনিক সম্পাদক কল্যাণ সিংহ আৰু নিৰ্মল চৌধুৰী,কাৰ্যালয় সম্পাদক শিৱানন বৰ্মন,কাৰ্যকৰী সদস্য শান্ত কুমাৰ ৰায় ,সদৌ কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰৱী সৰকাৰ ,বঙাইগাঁও জিলা আক্ৰাছুৰ সাধাৰণ সম্পাদক জয়প্ৰকাশ বৰ্মন আদি উপস্থিত থাকে ৷ সভাত আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক গোকুল বৰ্মনে সংগঠনটোৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ ওপৰত গুৰুত্বাৰোপ কৰাৰ লগতে শৈক্ষিক ,সামাজিক ,অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশৰ উত্তৰণৰ বাবে বিশদ দিহা পৰামৰ্শ আগবঢ়াই বক্তব্য ৰাখে ৷
- Log in to post comments
- 5 views