নিয়ন্ত্ৰণ ৰেখাত শ্বহীদ হ'ল এজন অসমীয়া জোৱান। ভাৰতীয় সেনাৰ গোৰ্খা ৰেজিমেণ্টৰ জোৱান পদুম বাহাদুৰ শ্রেষ্ঠ নিহত হয় পাকিস্তানী সেনাৰ গুলীত।শ্ৰেষ্ঠৰ ঘৰ গোলাঘাট জিলাৰ বৰপথাৰৰ হাতীখুলিত।জোৱানজন দেওবাৰ পুৱতি নিশা পাক সেনাবাহিনীৰ আক্ৰমণত জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত শ্বহীদ হয়।
জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাত নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানৰ সেনাই যুদ্ধ বিৰতি চুক্তি উলংঘা কৰি গুলীয়াই হত্যা কৰে শ্ৰেষ্ঠক।শ্বহীদ জোৱানজনৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৪১ বছৰ।
জোৱানজনৰ মৃত্যুৰ খবৰ বিয়পি পৰা লগে লগে বৰপথাৰৰ ঘৰখনত শুকাকুল পৰিৱেশে বিৰাজ কৰিছে।
- Log in to post comments
- 21 views