নদুৱাৰত বিজুলীৰ লুকাভাকুত অতিষ্ঠ ৰাইজ

Pic

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা:

শোণিতপুৰ জিলাৰ নদুৱাৰৰ অন্তৰ্গত উত্তৰ জামুগুৰিৰ ৰঙাচকুৱা, টুপিয়া, ধলাইবিল, মৰিসুতি, খকনবস্তী আৰু বালিজুৰীৰ দৰে বহুকেইখন ভিতৰুৱা গাঁৱত বৰ্তমান বিজুলীৰ লুকাভাকুৰ বাবে অতিষ্ঠ হৈছে গাঁওবাসী। বিদ্যুতৰ লুকা-ভাকুৰ বাবেই গাওঁবাসীয়ে নিজৰ অন্ন মুঠি ধান মিললৈ নিয়াৰ পিছত বহুত সময় অপব্যয় কৰিব লগা হয় । লগতে যিসকল ব্যৱসায়ীয়ে কম্পিউটাৰৰ জৰিয়তে এখন সামান্য দোকান চলাই নিজৰ জীৱিকা আহৰণ কৰিছে, তেওঁলোকৰ বাবে যদি গোটেই দিনটোৰ বাবে বিজুলীৰ নাটনি হয় তেন্তে ঘৰ কেনেকৈ চলিব-উত্থাপন হৈছে এনে প্ৰশ্ন।নদুৱাৰৰ  বিভিন্ন পঞ্চায়তসমুহত আধাৰ কাৰ্ডৰ কামতো সঘন বিদ্যুৎ কৰ্তনৰ বাবে গাওঁবাসীয়ে নিজৰ বহুমূলীয়া সময় অপব্যয় কৰিব লগা হৈছে।অতি শীঘ্ৰে বিজুলীৰ যোগান নিয়মীয়া কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে নদুৱাৰৰ ৰাইজে।

Your Comments