নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

aasu

নামৰূপৰ পৰা সমিৰণ বৰুৱাৰ প্ৰতিবেদন :

নামৰূপ তাপ বিদুৎ কেন্দ্ৰৰ নিৰ্মাণৰত অৱস্থাত থকা উৎপাদন গোট এন, আৰ, পি, পিৰ নিৰ্মাণকাৰ্য্য লেহেমীয়া হোৱাৰ লগতে নিৰ্মাণৰ মান নিম্ন মানৰ হোৱাৰ অভিযোগ তুলি শনিবাৰে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই। উল্লেখ্য যে ২০০৯চনত নিৰ্মাণ  কাৰ্য্য আৰম্ভ কৰা উৎপাদন গোটটোৱে ২০১২চনৰ পৰাই উৎপাদন আৰম্ভ কৰিব লাগিছিল, কিন্তু অতি পৰিতাপৰ বিষয় যে আজিৰ তাৰিখলৈ উদ্যোগটোৰ নিৰ্মান  কাৰ্য্যই সম্পুৰ্ণ হৈ নুঠিল। মেৰামতিৰ অত্যন্ত প্ৰয়োজন থকা উদ্যোগটোত ইতি পূৰ্বে কেইবাবাৰো সৰু বৰ দূৰ্ঘটনা সংঘটিত হৈ আহিছে। ২০১৮ চনৰ ৯জুনতো তেনে এক বৃহৎ দূৰ্ঘটনাত নিৰ্মাণৰত গোটটোৰ সম্পুন্ন' মধুচ খহি পৰিছিল। যাৰ ফলত উদ্যোগটোৰ বিস্তৰ ক্ষতি সাধন হৈছিল। ইয়াৰ পৰৱৰ্ত্তী সময়ত এই ঘটনাৰ তদন্ত কৰিবলৈ অসম চৰকাৰৰ অতিৰিক্ত মূখ্য সচিব ৰবি কাপুৰক দায়িত্ব প্ৰদান কৰিছিল যদিও  দূৰ্ঘটনা সংঘটিত হোৱাৰ আজি এবছৰ অতিক্ৰম কৰাৰ পিছতো তদন্তৰ প্ৰতিবেদন ৰাজহুৱা নহল বা কোনো দোষীয়ে শাস্তি লাভ নকৰিলে।namrup

ইফালে উদ্যোগটোৰ নিৰ্মাণ  কাৰ্য্যত ইতিমধ্যেই যথেষ্ট পলম হোৱাৰ বাবে উৎপাদন গোটটটোৰ আয়ুস সাধাৰণ উদ্যোগ সমুহতকৈ কমি আহিব ধাৰাৰ লগতে ইয়াৰ উৎপাদন শক্তিৰ ওপৰতো লাহে লাহে প্ৰশ্নবোধক আহিব ধৰিছে। উদ্যোগটোৰ নিৰ্মান কাৰ্য্যৰ লগত জড়িত প্ৰতিস্থান সমূহৰ  অবহেলা আৰু হেমাহিকে আদি কৰি বাবে সমগ্ৰ বিষয় সামৰি এক উচ্চ পয্যায়ৰ তদন্ত কৰিবলৈ অনুৰোধ জনাই নামৰূপ আছুই মুখ্যমন্ত্ৰীলৈ এই স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সংগঠনটোৰ সভাপতি কল্পজীৎ গগৈ আৰু সাধাৰণ সম্পাদক অসীম ফুকনে স্বাক্ষৰ কৰা এই  স্মাৰক পত্ৰ খনৰ জড়িয়তে
নিৰ্মাণ কাৰ্য্যত হোৱা অবাধ দুৰ্নীতিৰ উচ্চ পৰ্য্যায়ত তদন্তৰ দাবী কৰাৰ লগতে
উৎপাদন আৰম্ভ কৰাৰ আগতে উদ্যোগটোৰ মানদণ্ড এক উচ্চ পৰ্য্যায়ৰ সংস্হাৰ দ্বাৰা পৰীক্ষা কাৰোৱাবলৈয়ো সংগঠনটোৱে দাবী উত্থাপন কৰে।

Your Comments