শিৱসাগৰক বিশ্বৰ পৰ্যটন মানচিত্ৰত শক্তিশালী ৰূপত উপস্থাপনৰ উদ্যোগ

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

 শিৱসাগৰ জিলাখনৰ পৰ্যটন ক্ষেত্ৰখনৰ উন্নয়ন, বিকাশ, প্ৰচাৰ আৰু দেশী-বিদেশী পৰ্যটকসকলৰ বাবে আকৰ্ষণীয় ৰূপত উপস্থাপনৰ বাবে জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই 'Soulful Sivasagar' নামকৰণেৰে এটা অভিযান আৰম্ভ কৰিছে।

ঐতিহাসিক, পুৰাতাত্ত্বিক, প্ৰাকৃতিক, নান্দনিক সকলো দিশৰ পৰা গুৰুত্বপূৰ্ণ শিৱসাগৰ জিলাখনক বিশ্বৰ পৰ্যটন মানচিত্ৰত সুকীয়া আসন প্ৰদান কৰাৰ লক্ষ্যৰে উপায়ুক্তগৰাকীয়ে প্ৰশাসনিক-বিভাগীয় বিষয়া আৰু কৰ্মচাৰীৰ এক উদ্যমী গোট গঠন কৰিছে।এই গোটৰ সহযোগত উপায়ুক্তগৰাকীয়ে জিলাখনৰ বাবে এক পৰ্যটন মানচিত্ৰ (Tourism Roadmap) প্ৰস্তুত কৰিবলৈ লৈছে। এই ক্ষেত্ৰত তেওঁ জিলাখনৰ বুৰঞ্জীবিদ, বুদ্ধিজীৱী, অধ্যাপকসকল আৰু স্থানীয় ৰাইজৰ সহযোগিতা আৰু সক্ৰিয় অংশগ্ৰহণ আহ্বান জনাইছে।

শিৱসাগৰ

জিলাখনৰ বাবে উৎকৃষ্ট পৰ্যটন মানচিত্ৰ প্ৰস্তুতিৰ বাবে যোৱা ১৮ অক্টোবৰত উপায়ুক্তগৰাকীয়ে শেহতীয়াভাৱে গঠন কৰা গোটৰ লগত জিলাখনৰ বিভিন্ন উল্লেখনীয় পৰ্যটনথলী আৰু ঐতিহাসিক কীৰ্তিচিহসমূহ পৰিদৰ্শন কৰে। বিশিষ্ট বুৰঞ্জীবিদ ডঃ দিলীপ বুঢ়াগোহাঁই আৰু জিতেন বৰপাত্ৰ গোহাঁইয়েও এই পৰিদৰ্শন কালত দলটোৰ লগত যাত্ৰা কৰে। 

উপায়ুক্তগৰাকীৰ নেতৃত্বত পুৱা উপায়ুক্ত কাৰ্যালয়ৰ পৰা যাত্ৰা আৰম্ভ কৰা দলটোৱে গৌৰীসাগৰ পুখুৰী আৰু দ'ল, নামদাঙৰ শিলৰ সাঁকো, ন-পুখুৰী অঞ্চল, পুৰণি পুখুৰী, পহুগড়,জগদ্ধাত্ৰী দ'ল, লক্ষীসাগৰ, ফাকুৱা দ'ল, হৰগৌৰী দ'ল, জয়সাগৰ  পুখুৰী আৰু দ'ল, ঘনশ্যাম দ'ল, তলাতল ঘৰ, ৰংঘৰ, শিৱসাগৰ পুখুৰী আৰু দ'ল, যমুনা আৰু গড়গাঁৱৰ কাৰেংঘৰ ইত্যাদি পৰিদৰ্শন কৰি এইসমূহৰ বৰ্তমানৰ স্থিতি সম্পর্কে বুজ লয়। 

ভ্ৰমণৰ অন্তত আটাইকে ধন্যবাদ জনাই উপায়ুক্ত গৰাকীয়ে 'Soulful Sivasagar' প্ৰকল্পৰ সফল ৰূপায়ণৰ বাবে সকলোৰে ঐকান্তিক প্ৰচেষ্টা আৰু সক্ৰিয় সহযোগিতা আহ্বান কৰে। 

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা ১৬ অক্টোবৰত উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি জিলাখনত পৰ্যটনৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে বুজ লয়। সভাত জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই  'পাৱাৰ পইণ্ট প্ৰেজেণ্টেচন'ৰ যোগেদি মুখ্যমন্ত্ৰীগৰাকীক জিলাখনৰ পৰ্যটন উদ্যোগৰ বিকাশ আৰু উত্তৰণৰ বাবে জিলা প্ৰশাসনৰ উদ্যোগত প্ৰস্তুত কৰা পৰিকল্পনাৰ বিষয়ে আভাস দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনক বিশ্বৰ পৰ্যটন মানচিত্ৰত শক্তিশালীভাৱে আৰু আকৰ্ষণীয় ৰূপত উপস্থাপন কৰিবলৈ প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভিন্ন পৰামৰ্শ প্ৰদান কৰে। তেওঁ জিলাখনক 'অসমৰ আত্মা' বুলিও উল্লেখ কৰে। 

উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই যোৱা ১৭ অক্টোবৰত স্থানীয় আৱৰ্ত ভৱনত মুখ্যমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰি জিলাখনৰ পৰ্যটন উদ্যোগৰ প্ৰসাৰ আৰু বিকাশৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুত কৰি উলিওৱা 'Soulful Sivasagar' শীৰ্ষক প্ৰচাৰ পত্ৰিকাখনৰ প্ৰথমটো কপিও প্ৰদান কৰে।

Your Comments