পথ নিৰ্মানত ঠিকাদাৰৰ দুৰ্নীতি : নিৰ্মাণৰ পিচতে চকলাচকলকৈ এৰিলে বাৰাংহাটী মুৰৰা পথ

baranghati

নৰেন শৰ্মা,বাহাৰঘাট:

ঠিকাদাৰৰ দুৰ্নীতিৰ বাবে কামৰূপ জিলাৰ এটি গুৰুত্বপূৰ্ণ পথ নিৰ্মাণৰ পিচদিনাই চকলাচকলে এৰি যোৱাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷জিলাখনৰ হাজো বিধানসভা সমষ্টিৰ বাৰাংহাটীৰ পৰা আৰম্ভ হৈ ৰঙিয়া বিধানসভা সমষ্টিৰ মুৰৰা সংযোগী বাৰাংহাটী মুৰৰা পথৰ নিৰ্মানকাৰ্য্য প্ৰত্যক্ষ কৰি শুকুৰবাৰে ৰাতিপুৱা স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰে৷উল্লেখযোগ্য যে বিগত ২০১২ চনৰ প্ৰবল বানপানীত জৰাজীৰ্ণ হৈ পৰা পথটিত দীৰ্ঘদিনে ৰাইজে হাৰাশাস্তি ভোগকৰি আহিছিল৷ বিগত দিনধৰি স্থানীয় ছাত্ৰ সন্থাকে ধৰি ৰাইজে জনপ্ৰতিনিধি তথা গড়কাপ্তানি বিভাগত আবেদন নিবেদন কৰাৰ পিচত  এইবেলি পথটো মেৰামতিৰ বাবে গড়কাপ্তানি বিভাগৰ ৰঙিয়া গ্ৰাম্য পথ সংমণ্ডলৰ অধীনত বৰ্তমানে নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল যদিও ঠিকাদাৰৰ দুৰ্নীতিৰ বাবে পথটোৰ মেৰামতি কাৰ্য তেনেই নিম্নমানৰ হয়৷ যাৰফলত পথটো পকীকৰণৰ ২৪ ঘন্টা নহওঁতেই  চকলাচকল এৰি যোৱাত ৰাইজ জাঙুৰ খাই উঠে৷কঞা আৰক্ষী থানা আৰু ৰাজহচক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখৰে যোৱা উক্ত পথটি শুকুৰবাৰে স্থানীয় ধুহি ছাত্ৰ সন্থা আৰু একাংশ ৰাইজ ওলাই আহি নিৰ্মাণ কাৰ্য্য বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাইজে হাতৰে পথৰ পিচ চকলাচকলে এৰুৱাই কেমেৰাৰ সন্মুখত প্ৰদৰ্শন কৰি ঠিকাদাৰৰ দুৰ্নীতিৰ তথ্য উদঙাই দিয়ে৷প্ৰতিবাদ স্থলীত উপস্থিত থাকি ধুহি আছুৰ সভিপতি মোস্তাক আহমেদে কয় যে দীৰ্ঘদিনৰ দাবীৰ অন্তত মেৰামতি কৰা পথটোৰ ক্ষেত্ৰত ঠিকাদাৰৰ দুৰ্নীতি কেতিয়াও সহ্য কৰা নহব৷তেওঁ পথটো মেৰামতিৰ নামত ঠিকাদাৰে কৰা দুৰ্নীতিৰ তদন্ত কৰাৰ বাবে স্থানীয় জনপ্ৰতিনিধি আৰু গড়কাপ্তানি বিভাগৰ বিষয়া কৰ্মচাৰী সকলক দাবী জনায়৷এইক্ষেত্ৰত স্থানীয় সচেতন ব্যক্তি মহিবুদ্দিন আহমেদ,ধুহি আছুৰ ভাৰপ্ৰাপ্ত সম্পাদক ইমামুদ্দিন আহমেদ কামৰূপ জিলা আছুৰ কাৰ্য্যনিৰ্বাহ সদস্য কৃষ্ণ কলিতা,আছু কৰ্মী মনোৰঞ্জন কলিতাকে ধৰি অসংখ্য ৰাইজে পথটো বিধিগত ভাবে পূনৰ মেৰামতি কৰাৰ দাবী জনায়।

Your Comments