
আমেৰিকাৰ মহাকাশ সংস্থা 'নাছা'ৰ ক্ৰিষ্টিনা কোচ আৰু জেছিকা মেইৰে কোনো পুৰুষ মহাকাশচাৰী সংগী অবিহনে সৰ্ব প্ৰথম 'স্পেচ ৱাক' কৰি ইতিহাস ৰচিছে।এই দুগৰাকী মহিলা মহাকাশচাৰীয়ে আন্ত:ৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনৰ বাহিৰত ৭ ঘণ্টা ১৭ মিনিট অতিবাহিত কৰে।এই সময়চোৱাত তেওঁলোকে মহাকাশ ষ্টেচনৰ বিকল হোৱা পাৱাৰ কন্ট্ৰ'ল ইউনিট সলনিৰ কাম কৰে।ইয়াৰ পূৰ্বে মহিলাই পুৰুষ সংগীৰ সৈতেই স্পেচ ৱাক কৰিছিল।
ক্ৰিষ্টিনা কোচৰ এয়া পঞ্চম স্পেচ ৱাক।আনহাতে,জেছিকা মেইৰেৰ এয়া প্ৰথম স্পেচ ৱাক।ইয়াৰ জৰিয়তে জেছিকা পৰিগণিত হ'ল স্পেচ ৱাক কৰা পঞ্চদশগৰাকী মহিলা মহাকাশচাৰী হিচাপে।
- Log in to post comments
- 30 views