মাজুলীত কেন্দ্ৰীয়ভাৱে কাতি বিহু পালন: মুখ্যমন্ত্ৰীয়ে মাজৰ দেউৰী নলনী পথাৰত জ্বলালে চাকি,একেলগে জ্বলি উঠিল ১০০১ টা গছি চাকি

Pic

নলনী পথাৰৰ পৰা ৰাজীৱ পাতিৰ:

অসমীয়াৰ বাপতি সাহোন তিনিটা বিহুৰ অন্যতম কাতি বিহুত শুকুৰবাৰে সন্ধিয়া পাঁচ বজাত মাজুলীৰ মাজৰ দেউৰী গাঁৱৰ নলনী পথাৰত আনুষ্ঠানিকভাৱে চাকি-বন্তি প্ৰজ্বলন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত মাজুলী জিলা প্ৰশাসনৰ সহযোগত ৰাজ্যত প্ৰথমবাৰৰ বাবে মাজুলীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হোৱা কাতি বিহু উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে মাজুলীৰ স্থানীয় বিধায়ক তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,সাংসদ প্ৰদান বৰুৱা,বিধায়ক ৰনোজ পেগুৰ লগতে মাজুলীৰ বিভিন্ন অঞ্চলৰ পৰা অহা ১,০০১ গৰাকী লোকে অনুষ্ঠানত অংশগ্ৰহণ কৰি একেলগে ১০০১ টা গছি চাকি প্ৰজ্বলন কৰে। লগে লগে এক নৈসৰ্গিক পৰিৱেশত উজলি উঠে মাজুলীৰ নলনী পথাৰ ।

মাজুলী

চাকিৰ চৌদিশ লক্ষ্মীআইক আৰাধনাৰে মুখৰ হৈ পৰে।ইয়াৰ পিছত 'তুলসীৰ তলে তলে,মৃগ পহু চৰে,তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে'- ভক্তিৰসেৰে সস্পৃক্ত এনে গীতেৰে তুলসীৰ তলত ধূপ,চাকি বন্তী জ্বলাই সকলো অসমীয়া লোকৰ মংগল কামনাৰে ভগৱানৰ চৰণত সেৱা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ৰনোজ পেগুৱে । চাকি-বন্তি প্ৰজ্বলনৰ মাংগলিক অনুষ্ঠান উপলক্ষে মাজৰ দেউৰী নলনী পথাৰত এক মুকলি সভা অনুষ্ঠিত কৰা হয় ।এই মুকলি সভাত অংশগ্ৰহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কয় যে পৰম্পৰাগত কৃষি ব্যৱস্থাক ঘূৰাই আনিব লাগিব। ইয়াতে আমাৰ অসমীয়া সমাজৰ সকলো পৰিচয় জড়িত হৈ আছে । ৰাজ্যৰ কৃষি খণ্ডক তথ্য প্ৰযুক্তিৰ জৰিয়তে অধিক গতিশীল কৰি কৃষকক আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰে কেতবোৰ ইতিবাচক পদক্ষেপ গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক বিষ্ণু কমল বৰাই আদৰণি ভাষণ দিয়াৰ পিছত পঞ্চায়ত আৰু সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নৱ কুমাৰ দলে,সাংসদ প্ৰদান বৰুৱা, বিধায়ক ৰনোজ পেগু আদিকে ধৰি বিভিন্ন গৰাকীয়ে বক্তব্য প্ৰদান কৰে। দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী, বিধায়ক বিমল বৰা,জ্যোতি চিত্ৰভৱনৰ অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটা, গুৱাহাটী কলাক্ষেত্ৰৰ অধ্যক্ষ সুদৰ্শন ঠাকুৰ, সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী, হৰিদেৱ গোস্বামী, মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰী,মাজুলী জিলা বিজেপিৰ সভাপতি লোকনাথ কুটুম,মাজুলী জিলা পৰিষদৰ সভানেত্ৰী পাপু হাজৰিকা আদি উপস্থিত থাকে ।

Your Comments