শুৱালকুছিৰ পৰা মৃণাল ডেকাৰ প্রতিবেদন :
কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অন্তৰ্গত দামুপৰত আদালতৰ নিৰ্দেশনাৰ ভিক্তিত খাইৰুল হক নামৰ এজন লোকৰ ঘৰত বৃহস্পতি বাৰে অভিযান চলাওঁতে খাইৰুল হকৰ একাংশ আত্মীয়ৰ আক্ৰমণত মহিলা আৰক্ষী সহ
আহত হয় কেইবাজনো আৰক্ষী , ইয়াকে লৈ সমগ্ৰ দামপুৰ অঞ্চলত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ৷প্ৰাপ্ত তথ্য অনুসৰি , হাজো আৰক্ষী থানাৰ অন্তৰ্গত দামপুৰৰ খাইৰুল হকৰ সৈতে গুৱাহাটীৰ নুনমাটিৰ ডেইজী বেগম নামৰ (৩২)যুৱতী এগৰাকী ২০১৩ চনত বিবাহ পাশত আৱদ্ধ হৈছিল ৷ বিয়াৰ পিছৰে পৰা যুৱতী গৰাকীৰ ওপৰত স্বামী খাইৰুল হকে নিৰ্যাতন চলাইছিল বুলি পত্নীয়ে অভিযোগ কৰে ৷ পত্নীয়ে খাইৰুল হকৰ লগত বিবাহ বিচ্ছেদ আৰু বিয়াৰ সময়ত যৌতুকত দিয়া সামগ্ৰী সমুহ বিচাৰি আদালতত গোচৰ দিছিল আৰু সেই গোচৰৰ ভিত্তিত আদালতৰ নিৰ্দেশনা অনুযায়ী হাজো আৰক্ষীয়ে মহিলা গৰাকী সৈতে খাইৰুল হকৰ ঘৰত থকা যৌতুকৰ সামগ্ৰী নিবলৈ আহোতে খাইৰুলৰ একাংশ আত্মীয় লোকে হাজো আৰক্ষী থানাৰ উপ পৰিদৰ্শক পূৰবী নৰহ, কনিষ্টবল মিতালী দাস আৰু ৪ৰ্থ অসম আৰক্ষী বেটেলিয়নৰ নায়ক উদয় চন্দ্ৰ ডেকাক বেয়াকৈ প্ৰহাৰ কৰাৰ লগতে আৰক্ষীৰ সাজ - পোছাকয়ো ফালি পেলায় ৷
এই আক্ৰমণত উপ পৰিদৰ্শক পূৰৱী নৰহ ,কনিষ্টবল মিতালী দাস আৰু ৪ৰ্থ আৰক্ষী বেটেলিয়নৰ নায়ক উদয় চন্দ্ৰ ডেকা কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় ৷ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত হাজো আৰক্ষীয়ে সোধ - পোছৰ কাৰণে ছয় জন লোকক আটক কৰিছে ৷ বৰ্তমানেও ঘটনাস্থলীত উত্তেজনা অব্যাহত আছে ৷
- Log in to post comments
- 142 views