বজালীৰ পৰা বুবু কলিতা আৰু বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ ৰ প্রতিবেদন :
যােৱা পাঁচ বছৰে পলাতক হৈ থাকি আৰক্ষীৰ মূৰৰ কামােৰণি হৈ পৰা জে এম বিৰ কুখ্যাত উগ্রপন্থী আজহাৰ আলী ওৰফে আজহাৰুদ্দিন আহমেদ ওৰফে আজহাৰুদ্দিন আলী ( ২৫ )ক বুধবাৰে নিশা বৰপেটাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে । আজহাৰ বৰপেটাৰ টাৰবৰিৰ বাসিন্দা হোৱাৰ উপৰি ৰৌমাৰী পথাৰ গাঁৱৰ নিৱাসী ছামাদ আলীৰ পুত্র । আজহাৰ বৰপেটালৈ অহাৰ খবৰ লাভ কৰি আৰক্ষীয়ে গােপনে অভিযান চলাই বুধবাৰে নিশা গ্রেপ্তাৰ কৰে । পাছত উগ্রপন্থীটোক আদালতত হাজিৰ কৰাই সাত দিনৰ বাবে আৰক্ষীয়ে নিজৰ জিম্মাত লয় । আজহাৰ আলীৰ বিৰুদ্ধে বৰপেটা থানাত ভাৰতীয় দণ্ডবিধিৰ ১২১ / ১২১ ( এ ) / ১২৩ ধাৰা আৰু অস্ত্র - শস্ত্র আইনৰ ২৫ ( ১ - এ ) ৰ ১০ / ১৩ ইউ | এ ( পি ) ধাৰাৰ অধীনত ১৫৫৭ / ১৯ নং গােচৰ ৰুজু হৈ আছিল।
- Log in to post comments
- 9 views