দায়িত্বজ্ঞানহীন : নলবাৰী পৌৰসভাই ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথক পৰিণত কৰিছে ডাম্পিং গ্ৰাউণ্ডত 

nlb

নলবাৰীৰ পৰা হেমন্ত কলিতাৰ প্রতিবেদন :

যিসময়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে সাগৰৰ তীৰত পৰি থকা প্লাষ্টিক আৱৰ্জনা নিজ হাতেৰে বুটলি দেশৰ জনসাধাৰণক প্লাষ্টিক বৰ্জনৰ আহ্বান জনাই এখন স্বচ্ছ দেশ গঢ়ি তোলাত ব্ৰতী হৈছে সেইসময়তে নলবাৰী পৌৰসভাই চহৰখনত সংঘটিত কৰিছে এক টোঘলকী কাণ্ড ৷ চৰম দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দি কামৰূপ-নলবাৰী সীমান্তৰ সদাব্যস্ত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথক পেলনীয়া আৱৰ্জনা পেলোৱাৰ এক ডাম্পিং গ্ৰাউণ্ডত পৰিণত কৰিছে নলবাৰী পৌৰসভাই ৷ তথ্য অনুসৰি কামৰূপ গ্ৰাম্যৰ ৰঙিয়া আৰু নলবাৰী জিলাৰ সীমান্তৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত নলবাৰী পৌৰসভাই বহুদিনৰ পৰাই চহৰখনৰ গেলা পচা আৱৰ্জনাৰ লগতে মৃত জীৱ-জন্তু পেলোৱা ডামপিং গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰি আহিছে যাৰ ফলত ৩১ নং ঘাইপথৰ সেই পথচোৱাত এতিয়া গেলা-পঁচা দুৰ্গন্ধত সাধাৰণ ৰাইজে অতিক্ৰম কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ চৰম মইমতালিৰে পৌৰসভাই সম্পাদন কৰা এনে কাৰ্যৰ ফলত এতিয়া নাকত ৰুমাল লৈ পথচোৱা অতিক্ৰম কৰিব লগা হৈছে সাধাৰণ ৰাইজে ৷ যি সময়ত ভাৰতবৰ্ষত স্বচ্ছ ভাৰত মিছনৰ দৰে অভিযান কাৰ্যকৰী কৰা হৈছে,মুকলি পৰিৱেশত জাৱৰ-জোথৰ পেলোৱাৰ পৰা বাৰণ কৰিছে তেনেস্থলত নলবাৰী পৌৰসভাই এই কাণ্ডৰ দ্বাৰা কি সূচাব বিচাৰিছে তাক লৈ এতিয়া নলবাৰীৰ সচেতন মহলত প্ৰশ্নৰ অৱতাৰণা হৈছে ৷ এতিয়া প্ৰশ্ন উঠিছে যে যি সময়ত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশক প্লাষ্টিক মুক্ত কৰি এখন স্বচ্ছ ভাৰতবৰ্ষ হিচাপে গঢ়ি তুলিব বিচাৰিছে,তেনে সময়তে এখন দায়িত্বশীল পৌৰসভাৰ এই কাৰ্য্য কিমান গ্ৰহণীয়। নে তেওঁৰ এই সপোন কেৱল সপোন হৈয়ে ৰ'ব ! নলবাৰী পৌৰসভাৰ শুভ বুদ্ধিৰ উদয় হৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ডাম্পিং গ্ৰাউণ্ড আতৰাই ঘাইপথটো আৰু ইয়াৰ চৌপাশ পৰিস্কাৰ কৰি তোলাৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে ? আগন্তুক সময়ত সেয়াহে সকলোৰে বাবে লক্ষণীয় হ'ব ৷

Your Comments