মৰিগাঁৱৰ পৰা জিতু মনি নাথৰ প্রতিবেদন :
বিদেশী চিনাক্তকৰণ ন্যায়াধীকৰণে বিদেশী চিনাক্ত কৰাৰে পৰা সুদীৰ্ঘ দিন তেজপুৰৰ ডিটেনশ্বন কেম্পত বন্দীত্ব জীৱন অতিবাহিত কৰি থকা দুলাল পাল নামৰ লোকজনৰ দুখজনকভাৱে মৃত্যু হোৱা ঘটনাত মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে৷একেটা পৰিয়ালৰে আন ভাই-ককাই স্বদেশী হোৱাৰ বিপৰীতে দুলাল পালক বিদেশী ন্যায়াধীকৰণে কিহৰ ভিত্তিত বিদেশী ঘোষণা কৰিছিল তাৰ এক উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত দাবী কৰিছে"মাছ"য়ে৷"মাছ"ৰ মুখ্য উপদেষ্টা বুবুমনি গোস্বামীয়ে এক বিবৃতিযোগে কয় যে পূৰ্বেও ৰাজ্যখনৰ ডিটেনচন কেম্পত একাধিক লোকৰ মৃত্যু হোৱাৰ লগতে বহুতকে দীৰ্ঘদিন বন্দী কৰি ৰখাৰ পিছত স্বদেশী বুলি ঘোষনা কৰাৰ নিচিনাও ঘটনা ঘটিছে ৷মানৱ অধিকাৰৰ এয়া ভয়ঙ্কৰ উলংঘন৷"মাছ"এ এনে কাৰ্যক গৰিহনা দিযাৰ লগতে এনে বিষয়ত ন্যায়পালিকাৰ শীৰ্ষ মহলক সংবেদনশীলতাৰে নিজাববীয়া ব্যৱস্থা গ্ৰহনৰ বাবেও আহ্বান জনায়।
- Log in to post comments
- 3 views