ধিং নিয়ন্ত্রিত বজাৰ সমিতিৰ কাৰ্যালয় চৌহদত ধিং ৰাজহ চক্ৰৰ উচ্ছেদ অভিযান

dhing

বাটদ্ৰবাৰ পৰা নিপন নাথৰ প্রতিবেদন : 
ধিং নিয়ন্ত্রিত বজাৰ সমিতিৰ কাৰ্যালয় চৌহদত বৃহস্পতি বাৰে চলিল ধিং ৰাজহ চক্ৰৰ উচ্ছেদ অভিযান। উল্লেখ্য যে, বিগত বহু বছৰ ধৰি অসম কৃষি বিপনন পৰিষদৰ ধিং নিয়ন্ত্রিত বজাৰ সমিতিৰ কাৰ্যালয় চৌহদত একাংশ লোকে চৰকাৰী ভূমি দখল কৰি অবৈধভাবে পকীঘৰ নিৰ্মান কৰি ব্যৱসায় চলাই আহিছিল। যাৰ ফলত পৰিৱেশ বিনষ্ট হৈ অহাৰ লগতে বিভাগীয় কাম কাজতো ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিব লগাত পৰিছিল সংশ্লিষ্ট কৰ্তৃপক্ষ। বৃহস্পতি বাৰে পুৱাই ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মৃণাল বৰাৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে ১৩ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত JCBৰে উচ্ছেদ অভিযান চলায়। য'ত প্ৰশাসনক সহায়-সহযোগিতা আগবঢ়ায় স্থানীয় লোকেও। 

উল্লেখ্য যে, বৃহস্পতিবাৰে উচ্ছেদ কৰা এই এলেকাৰ ওপৰিও ধিং বজাৰ আৰু ধূপগুৰি বজাৰতো অতি শীঘ্রই ধিঙৰ প্ৰশাসনে উচ্ছেদ অভিযান চলাব বুলি ধিঙৰ চক্ৰ বিষয়াই জানিবলৈ দিয়ে।

Your Comments