উকা পথাৰখনলৈ চাই কৃষকৰ হুমুনিয়াহ : কাতিবিহুত এগছি বন্তি জ্বলাবলৈ নাই হেপাহৰ শালিখেতি

kati bihu

নৰেন শৰ্মা,বাহাৰঘাট :

আজি কাতিবিহু৷কাতিবিহু উদযাপনকলৈ যেন মুঠেই উৎসাহ নাই বাহাৰঘাট অঞ্চলৰ বহুতো কৃষকৰ৷কাৰণ তেওঁলোকে এইবেলি হেপাহৰ পথাৰখনত শালিধানৰ গোজ এটাও দিব নোৱাৰিলে৷বুকুৰ তেজ পানী কৰি বছৰি হেপাহেৰে খেতিকৰি পৰিয়ালৰ প্ৰয়োজনীয় ধানখিনি নিজ পথাৰতে উৎপাদন কৰি লৈছিল কৃষক সকলে৷কিন্তু দুৰ্ভাগ্যজনক কথা যে এইবেলি দুৱাৰকৈ অহা বিধ্বংসী বানে এইসকল কৃষকৰ শালিধানৰ কঠিয়া সমূহ সম্পূৰ্ণকৈ নোহোৱা কৰি পেলাইছিল৷আনকি বহুতৰে লহপহকৈ বাঢ়ি অহা ধাননি পথাৰো বিধস্ত কৰি বিপদতত পেলালে একাংশ কৃষকক৷এইসকল দুৰ্ভগীয়া কৃষক পূনৰ কঠিয়া কিনি খেতি কৰিব পৰা বিধৰো নাছিল৷যাৰ ফলত উকাহৈ থাকিল কৃষি ভূমি৷বিশেষকৈ দেহাৰকুছি,সানেকুছি,উত্তৰকুছি,বৰগাছা আদি গাওঁৰ বহুতো কৃষকৰ হেপাহৰ পথাৰত কাতিবিহুৰ বন্তি নজ্বলিব৷সেয়ে এইসকল দুৰ্ভগীয়া কৃষকে উকা পথাৰখনলৈ চাই হুমুনিয়াহৰে আজি হয়তো উদযাপন কৰিব কাতিবিহু !

Your Comments