মাজুলীৰ পৰা ৰাজীৱ পাতিৰ:
দক্ষিণ মাজুলী আৰক্ষী চকীৰ অন্তৰ্গত দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়তৰ ভেকেলি গাঁৱত বুধবাৰে বুটমাহ খাই বিষক্ৰয়াত অসুস্থ হৈ পৰা প্ৰায় দুই শতাধিক লোকক বৰ্তমান যোৰহাট তথা গোলাঘাটৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা কৰোৱা হৈছে।জানিব পৰা মতে,যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউত চাৰিটি কেঁচুৱাৰ সৈতে ডেৰশতাধিক লোক,যোৰহাট সন্জ্ঞীৱনী হাস্পতালৰ আইচিইউত এটি কেঁচুৱা,গোলাঘাট জিলাৰ দেৰগাঁৱৰ ধেমাজি চিকিৎসালয়,কলবাৰী উপ স্বাস্থ্য কেন্দ্ৰ আদিকে ধৰি বিভিন্ন চিকিৎসালয়ত ভৰ্তি হোৱা মুঠ দুই শতাধিক লোক বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে । এমএমকেৰ নেতা দ্ৰোণ পেগু, টিএমপিকেৰ পৱিত্ৰ দলে আৰু কুৰিটি কেঁচুৱা এই এই বিষক্ৰিয়াত আক্ৰান্ত হৈ পৰা বুলি এমএমকেৰ যোৰহাট জিলা সমিতিৰ সভাপতি হৰেন ৰিচং আৰু অঞ্জনা দলেই জানিবলৈ দিছে।
উল্লেখ্য যে টাকাম মিচিং পৰিণ কেবাং চমুকৈ টিএমপিকেৰ মাজুলী জিলা সমিতিৰ অন্তৰ্গত দক্ষিণ মাজুলী আঞ্চলিক সমিতিয়ে বুধবাৰে ভেকেলি গাঁৱত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা টিএমপিকেৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে । এই কাৰ্যসূচীত অংশগ্ৰহণ লোকক লঘু আহাৰ হিচাপে বুটমাহ দিয়া হৈছিল।বুধবাৰে পূৱা প্ৰায় এঘাৰ বজাত খোৱাৰ সম্পূৰ্ণ চৌব্বিশ ঘন্টাৰ পিছত বৃহস্পতিবাৰে আবেলি প্ৰায় দুই বজাৰ লগে লগে ক্ৰমান্বয়ে অসুস্থ হৈ পৰে এইসকল লোক । ইয়াৰ তেওঁলোকৰ পৰিয়ালৰ লোকসকলে তৎপৰতাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়,সঞ্জীৱনী হাস্পতাল,ধেমাজি চিকিৎসালয়,কলবাৰী উপ স্বাস্হ্য কেন্দ্ৰ আদিকে ধৰি বিভিন্ন চিকিৎসালয়লৈ লৈ গৈ ভৰ্তি কৰি চিকিৎসা কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে। ভেকেলি গাঁৱৰ ক্ৰমে জুলি দলে,জ্যোতিস্না দলে,ভীম পেগু, দিপ্তী পেগু, মাধুৰ্য পেগু, অঞ্জু পেগু, মৰমী পেগু,অমৃতা ,মনালিছা পেগু,নিজুমণি পেগু আদিকে ধৰি দুই শতাধিক লোকক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও নিশা পৰ্যন্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত সমস্যাৰ সৃষ্টি হৈছে । যিহেতু ভেকেলিৰ পৰা যোৰহাটলৈ লৈ যাবলৈ হ'লে বিশাল ব্ৰহ্মপুত্ৰ নৈখন পাৰ হ'ব লাগে ।ইফালে, যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপযুক্ত বিচনা নাপাই এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে । অসুস্থ হৈ পৰা লোকক চিকিৎসাৰ বাবে ঘটনাস্থলীৰ লগতে যোৰহাট আৰু গোলাঘাটৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা আহত লোকক স্বাস্থ্য সেৱা প্ৰদানৰ বাবে যোৰহাট আৰু মাজুলী জিলাৰ পৰা প্ৰাথমিক পৰ্যায়ত দুটা চিকিৎসকৰ দল ৰাওনা হৈছে যদিও কলবাৰী উপ স্বাস্থ্য কেন্দ্ৰত থকা ৰোগীয়ে উপযুক্ত চিকিৎসা সেৱা লাভ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । আহত লোকৰ বাবে এমএমকেৰ যোৰহাট জিলা সমিতিৰ সভাপতি হৰেন ৰিচঙৰ নেতৃত্বত এটা পোন্ধৰ জনীয়া দলে বিভিন্ন পৰ্যায়ত সকলো প্ৰকাৰৰ সহায় আগবঢ়াইছে । উল্লেখ্য যে বুধবাৰে লঘু আহাৰৰ বাবে প্ৰায় পোন্ধৰ কেজি বুটমাহ বিভিন্ন বজাৰৰ দোকানৰ পৰা ক্ৰয় কৰা হয় । যোৰহাটৰ বৰমুকলি সোমবৰীয়া বজাৰৰ পৰা ৰঙা বুটমাহ কেজি আৰু দেৰগাঁৱৰ এখন দোকানৰ পৰ ডেৰ কেজি কাবুলী বুটমাহ ক্ৰয় কৰা হৈছিল বুলি প্ৰকাশ । এই ঘটনাৰ বাবে এমএমকেৰ যোৰহাট জিলা সমিতিৰ সভাপতি হৰেন ৰিচঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে তদন্তৰ দাবী জনাইছে । তদুপৰি মাজুলীৰ বিভিন্ন দল সংগঠনে ইয়াৰ উচিত তদন্তৰ জৰিয়তে ব্যৱস্থা দাবী কৰিছে।
- Log in to post comments
- 36 views