কংগ্ৰেছ প্ৰৱক্তা মনীষ তিৱাৰীয়ে এখন সংবাদমেলত প্ৰখ্যাত স্বাধীনতা সংগ্ৰামী বীৰ ছাভাৰকাৰক 'ভাৰত ৰত্ন' প্ৰদানৰ বিৰোধিতা কৰাৰ পিছতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙে মন্তব্য কৰিছে যে কংগ্ৰেছ ছাভাৰকাৰ বিৰোধী নহয়।প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে বীৰ ছাভাৰকাৰৰ নামত ডাক টিকট মুকলি কৰিছিল।
এনেদৰে,ছাভাৰকাৰক লৈ এতিয়া কংগ্ৰেছত ভিন্নমত দেখা গৈছে।উল্লেখ্য যে আগন্তুক মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰা ঘোষণাপত্ৰত বীৰ ছাভাৰকাৰক ভাৰত ৰত্ন প্ৰদানৰ দাবী উত্থাপন কৰিছে।
- Log in to post comments
- 10 views