চিৰাঙৰ কাজলগাঁৱৰ শ্ৰীশ্রী লক্ষ্মী মেলা আনুষ্ঠানিকভাবে উদ্বোধন কৰিলে মন্ত্ৰী চন্দন ব্ৰহ্মই 

bgn

বঙাইগাঁওঃ

 চিৰাং জিলাৰ সদৰ কাজলগাঁৱত ১২ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে ১৩ অক্টোৱৰৰ পৰা আৰম্ভ হোৱা ৫৮ সংখ্যক ঐতিহাসিক শ্ৰীশ্ৰী লক্ষ্মী পূজা আৰু মেলা মহোৎসৱখনি বুধবাৰে আনুষ্ঠানিকভাবে উদ্বোধন কৰে অসমৰ পৰ্যটন আৰু ভৈয়াম জনজাতি উন্নয়ন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মই  ৷ জাতি , ধৰ্ম , বৰ্ণ , ভাষা নিৰ্বিশেষে ১৯৬১ চনৰ পৰা অনুষ্ঠিত হৈ অহা এই পূজা আৰু মেলাৰ মুখ্য দ্বাৰৰ আজি দুপৰীয়া ফিতা কাটি শুভ উদ্বোধন কৰাৰ পিছত ৰাইজক উদ্দেশ্যি দিয়া ভাষণত মন্ত্ৰী ব্ৰহ্মই কয় যে -কাজলগাঁৱৰ ঐতিহাসিক এই শ্ৰীশ্ৰী লক্ষ্মীপূজা -  মেলাই অঞ্চলটোৰ অৰ্থনৈতিক বিকাশত যথেষ্ট সহায় কৰিছে । এই মেলাই মানুহৰ মাজত শান্তি সম্প্ৰতি তথা ভাতৃত্ববোধ  বৃদ্ধি কৰাতো সহায় কৰিছে ।

এক কথাত ক'ব গ'লে কাজলগাঁৱৰ এই পূজা - মেলা মিলনৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে । একাংশ লোকে পূজা - মেলাক লৈ সমালোচনা কৰে যদিও প্ৰকৃততে পূজা - মেলাই কোনো মানুহ বেয়া হোৱাত দায়ী হ'ব নোৱাৰে বুলিও মন্ত্ৰীগৰাকীয়ে লগতে নিজ ভাষণত উল্লেখ কৰে । এইবাৰৰ পূজা তথা মেলাত বিশেষ আকৰ্ষণ হিচাপে আছে সুদূৰ কলিকতাৰ পৰা অহা চাৰ্কাচ , ব্ৰেক ডেন্স , ড্ৰাগন , মৌত কা কুৱা , যাদুঘৰ , মিনাবাজাৰ , এক্সপো আদি । লগতে মেলাত হাঁহ ,পাৰ , কণী , দখনা , তেল , চাবোনৰ জৰিয়তে পৰম্পৰাগত চকৰিজাতীয় খেলো অনুষ্ঠিত হৈ থকা বুলিও জানিব পৰা গৈছে । কাজলগাঁৱৰ পাৰ্শ্বৱৰ্তী ১৫ খন গাঁৱৰ শতাধিক প্ৰতিনিধিৰ অৰ্ন্তভূক্তিৰে ২০ খন উপ সমিতি গঠন কৰি এই পূজা আৰু মেলাৰ কাম আগবঢ়াই নিয়া হৈছে ।

অনৈক্যৰ মাজত ঐক্যৰ বাৰ্তা কঢ়িয়াই অনা কাজলগাঁৱৰ ঐতিহ্যমণ্ডিত এই পূজা আৰু মেলা সূচাৰুৰূপে পৰিচালনা কৰিবলৈ এইবেলি অসমৰ কেবিনেট মন্ত্ৰী তথা ছিদলী সমষ্টিৰ বিধায়ক চন্দন ব্ৰহ্মক মুখ্য পৃষ্ঠপোষক , চিৰাং জিলাৰ উপায়ুক্ত গৌতম তালুকদাৰ আৰু কাজলগাঁও নগৰ সমিতিৰ অধ্যক্ষ পানীৰাম ব্ৰহ্মক পৃষ্ঠপোষক , কাজলগাঁৱৰ বিশিষ্ট সমাজকৰ্মী সুভাষ চন্দ্ৰ ব্ৰহ্মক সভাপতি , বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য নীৰেন ৰায় , হেমন্ত বসুমতাৰী , নন্দ দুলাল সৰকাৰ আৰু সবিন্দ্ৰ নাৰ্জাৰীক উপ - সভাপতি আৰু প্ৰদীপ বসুমতাৰীক সাধাৰণ সম্পাদক হিচাপে লৈ ৫১ জনীয়া মূল কাৰ্যকৰী সমিতিখন গঠন কৰা হৈছে ৷ তাৎপৰ্যপূৰ্ণ  যে চৰকাৰী পঞ্জীয়নভূক্ত এই পূজা আৰু মেলা সমিতিয়ে ইতিমধ্যে বজাৰ প্ৰাংগনত  প্ৰায় ডেৰ কোটি টকা বাজেটেৰে স্থায়ী লক্ষ্মী মন্দিৰ , ব্ৰহ্ম মন্দিৰ আৰু শিৱ মন্দিৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে । যোৱা তিনি বছৰত মন্দিৰৰ এই নিৰ্মাণ কাৰ্য ত্বৰান্বিত কৰি ইতিমধ্যে অধিকাংশ কাম সম্পন্ন কৰিছে । এইবাৰৰ পূজা ও মেলাত প্লাষ্টিকজাতীয় সামগ্ৰী বৰ্জনৰ ক্ষেত্ৰৰ সমিতিয়ে বিশেষ গুৰুত্ব আৰোপ কৰা বুলিও পূজা আৰু মেলা সমিতিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে । উল্লেখ্য যে  যোৱা ১৩ অক্টোৱৰত বিশিষ্ট অতিথিৰ উপস্থিতিত শ্ৰীশ্রী লক্ষ্মী মন্দিৰৰ দ্বাৰ উদ্বোধনৰ লগতে লক্ষ্মী পূজা ও যজ্ঞাহুতি অনুষ্ঠান আনুষ্ঠানিকভাৱে সম্পন্ন হয় ।

Your Comments