আজি উচ্চতম ন্যায়ালয়ত অযোধ্যা বিবাদৰ অন্তিম শুনানী:অযোধ্যাত বৃদ্ধি পাইছে ভক্তৰ আগমন

Ram Mandir

অযোধ্যা বিবাদ বিষয়ত বুধবাৰে উচ্চতম ন্যায়ালয়ত হিন্দু আৰু মুছলমান পক্ষই নিজ-নিজ পক্ষৰ অন্তিম দলিল দাখিল কৰিব।উচ্চতম ন্যায়ালয়ত বিগত ৪০ দিনৰ পৰা হৈ থকা বিষয়টোৰ সম্পর্কত হৈ থকা যুক্তিতর্কৰ আজি অন্তিম যুক্তিতৰ্ক হব।ইয়াৰ পিছতেই উচ্চতম ন্যায়ালয়ে এটা নিৰ্দিষ্ট তাৰিখত বিবাদটোৰ সম্পৰ্কত ৰায় প্ৰদান কৰিব।ইফালে, বিবাদটোৰ ৰায়দান ওচৰ চাপি অহাৰ লগে লগে অযোধ্যাত ৰামভক্তৰ সমাগম বৃদ্ধি পাবলৈ ধৰিছে।অযোধ্যাৰ কৰসেৱকপুৰমত থকা ৰাম মন্দিৰৰ প্ৰস্তাৱিত মডেলটো চাবলৈ প্ৰতিদিনে বহু ভক্তৰ আগমন ঘটিবলৈ ধৰিছে।অযোধ্যালৈ পূৰ্বতে প্ৰতিদিনে এশ-ডেৰশ ভক্তৰ আগমন ঘটিছিল যদিও বৰ্তমান দৈনিক সাত-আঠশ ভক্তৰ আগমন ঘটিবলৈ ধৰিছে।

Your Comments