হাৰিয়ানা,পঞ্জাবত বৰ্তমান খেতি পথাৰত কৃষকে ব্যাপকভাৱে শস্যৰ বৰ্জ্য সামগ্ৰী জ্বলাই থকাৰ বাবে ৰাজধানী দিল্লী আৰু কাষৰীয়া উত্তৰ প্ৰদেশৰ বহু এলেকাত বায়ু ব্যাপকভাৱে প্ৰদূষিত হৈছে।ৰাজধানী দিল্লীত এয়াৰ কোৱালিটী ইনডেক্স ২৯৯ হৈছেগৈ,যিটো মানৱ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।
কাষৰীয়া উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নইডাত এই ইনডেক্স ৩০২ আৰু গাজিয়াবাদত ৩০৮ হৈছেগৈ।হাৰিয়ানাৰ কৰ্ণাল আৰু পানিপথত উক্ত ইনডেক্স ৩৪০ হৈছেগৈ।উল্লেখ্য যে এই ইনডেক্স যিমানেই বৃদ্ধি পায়,সিমানেই স্বাস্থ্যৰ বাবে অধিক ক্ষতিকাৰক হৈ পৰে।
- Log in to post comments
- 6 views