আজি প্ৰাক্তন ৰাষ্ট্ৰপতি,প্ৰসিদ্ধ বিজ্ঞানী ডঃ এ পি জে আব্দুল কালামৰ ওপজা দিন

Kalam

আজি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি,প্ৰসিদ্ধ বিজ্ঞানী ডঃ এ পি জে আব্দুল কালামৰ ওপজা দিন।১৯৩১ চনৰ ১৫ অক্টোবৰত কালামৰ জন্ম হৈছিল তামিলনাডুৰ ৰামেশ্বৰমত।২০০২ চনৰ পৰা ২০০৭ চনলৈ দেশৰ ৰাষ্ট্ৰপতি হিচাপে কার্যনিৰ্বাহ কৰা কালামে ভাৰতৰ বেলেষ্টিক ৰকেট বিজ্ঞানৰ বিকাশত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল।ভাৰতৰ পাৰমানৱিক বোমাৰ বিকাশতো তেওঁৰ অন্যতম ভূমিকা আছিল।'মিছাইল মেন' হিচাপে খ্যাত এ পি জে আব্দুল কালামক তেওঁৰ অতুলনীয় ব্যক্তিত্ব, বাগ্মীতা,দয়ালু মানসিকতা, সৰলতাৰ বাবে দেশবাসীয়ে এজন আদৰ্শ ব্যক্তি হিচাপে গ্ৰহণ কৰি আহিছে।দেশৰ কিশোৰ-কিশোৰী,যুৱক-যুৱতীসকলক বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত হোৱাৰ বাবে তেওঁ কঠোৰ আৰু একাগ্ৰ সাধনাৰ মন্ত্ৰ দিছিল,যুৱ প্ৰজন্মক সপোন দেখিবলৈ শিকাইছিল।আজি ডঃ কালামৰ জন্মদিনত ভাৰতীয়সকলে তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছে।

Your Comments