শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই :
দেশৰ বাওঁদল সমূহে যোৱা ১০ অক্টোবৰ পৰা অহা ১৬ অক্টোবৰলৈ আহ্বান জনোৱা সপ্তাহজোৰা দেশব্যাপী কৰা আন্দোলনৰ লগত সংগতি ৰাখি শুকুৰবাৰে শিৱসাগৰ জিলাৰ চি পি আই আৰু চি পি আই এম দলেও যৌথভাৱে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি ভাৰত চৰকাৰ আৰু অসম চৰকাৰলৈ পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷
স্মাৰক পত্ৰ খনত চিপিআই, চিপিআই(এম)য়ে কৰা মূল দাবী সমুহ হল:
মূল্যবৃদ্ধি, কৰ্মসংস্থাপন সৃষ্টি, শ্ৰমিকৰ ন্যূনতম মজুৰি ১৮০০০ টকা ধাৰ্য কৰা, ৰাজহুৱা উদ্যোগ ব্যক্তিগতকৰণ বন্ধ কৰা, কৃষকৰ ঋণ মাফ কৰা, ৬০ উদ্ধৰ পুৰুষ মহিলা সকলো কৃষকক মাহে ৩০০০ টকাকৈ পেঞ্চন দিয়া, এনৰেগাৰ আৱন্টন বৃদ্ধি কৰাৰ লগতে ২০০ দিনৰ কামৰ নিশ্চিয়তা প্ৰদান আৰু মজুৰি নিশ্চিত কৰা।
অৱস্থান ধৰ্মঘটস্থলীত অংশ লৈ চি পি আইৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা জিলা সম্পাদক কনক গগৈয়ে কয় যে দেশে আজি অৰ্থনৈতিক মহাসংকটত ভুগিবলগীয়া হৈছে প্ৰধানতঃ বিমূদ্ৰাকৰণ আৰু জি এছ টি ফলত ৷ যিটো সকলো অৰ্থনীতিবিদে স্বীকাৰ কৰিছে ৷ দেশৰ জনগণৰ ক্ৰয় ক্ষমতা নোহোৱা হ’ল ৷১৬ টা খণ্ডত মন্দাই দেখা দিছে আৰু লাখ লাখ কৰ্মচাৰী চাটাই হ’ল ৷ ফলত ইয়াৰ পৰিত্ৰাণ বিচাৰি চৰকাৰে সকলো প্ৰধান উদ্যোগ প্ৰতিষ্ঠান ব্যক্তিগতকৰণ কৰিবলৈ উঠি পৰি লাগিছে ৷ পুঁজিপতিগোষ্ঠীক লাখ লাখ কোটি টকা ৰেহাই দিছে ৷
ইফালে জনতাৰ নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ অস্বাভাৱিক দাম হ্ৰাস কৰাত কেন্দ্ৰ-ৰাজ্য দুয়োখন চৰকাৰ চুড়ান্ত ভাৱে ব্যৰ্থ হৈছে বুলি চোকা সমালোচনা কৰে ৷
দুৰ্নীতি মুক্ত অসম আৰু দুৰ্নীতিমুক্ত ভাৰতৰ শ্ল’গান দিয়া চৰকাৰে দুৰ্নীতিকাৰীক নিজ দলত স্থানহে দিলে ৷ প্ৰায় সকলো বিভাগতে এতিয়াও দুৰ্নীতি বজাৰখন চলি আছে ৷ বিভিন্ন ক্ষেত্ৰত ছিণ্ডিকেটৰাজ বিৰাজমান এইখন চৰকাৰৰ নেতৃত্বত ৷
আনহাতে চি পি আই এম দলৰ জিলা সম্পাদক নিৰঞ্জন চেতিয়াই চৰকাৰৰ জনবিৰোধী নীতি সমূহক চোকা সমালোচনা কৰি কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে কেৱল পুঁজিপতি গোষ্ঠীৰ কাৰণেহে কাম কৰিছে ৷ গতিকে সকলো জনতাক সজাগ কৰিবৰ বাবে কমিউনিষ্ট কৰ্মকৰ্তা সকলক আহ্বান জনায়৷
অৱস্থানস্থলিত অংশ লৈ চি পি আই নেতা ধৰ্ম বৰুৱা আৰু জিতেন বৰপাত্ৰগোঁহাইয়ে কয় যে চৰকাৰৰ ভূল অৰ্থনৈতিক নীতি নব্য উদাৰ অৰ্থনীতিয়ে এই সকলো বিলাক সমস্যাৰ মূল কাৰণ বুলি অভিহিত কৰে ৷ তেওঁলোকে অসমৰ ভূৱা জাতীয়তাবাদী সকলকো চোকা সমালোচনা কৰে আৰু জনগণৰ মাজত বিভ্ৰান্তি সৃষ্টি নকৰিবলৈ সকিয়াই দিয়ে ৷
কাৰ্যসূচীত কৃষক নেতা মদন বৰুৱা , যোগেশ বুঢ়াগোহাঁই , মণি বুঢ়াগোহাঁই , চি পি আই এমৰ নেতা মিহিৰ ভৰালী, শ্ৰমিক নেতা মুহি বৰুৱা , সত্যেন্দ্ৰ গগৈ , মহিলা নেত্ৰী অনুৰাধা গোহাঁই গগৈকে ধৰি ভালে সংখ্যক নেতা কৰ্মী উপস্থিত আছিল ৷
- Log in to post comments
- 7 views