শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্রতিবেদন :
বৰাকত দূৰ্গা পূজাৰ দিনকেইটা শান্তিপূৰ্ণ ভাৱেই অতিবাহিত হৈছিল। এইবাৰৰ পূজাত পৰিলক্ষিত হৈছিল সম্প্ৰীতিৰ বাতাবৰণ। কৰিমগঞ্জ-সোনাইত মুছলিম সম্প্ৰদায়ৰ যুৱক সকলে খোৱা পানীৰ যোগান ধৰিছিল দূৰ্গা প্ৰতিমাৰ বিসৰ্জনত অংশ লোৱা হিন্দু ধৰ্মাৱলম্বী সকলক।কিন্তু,তাৰ মাজতেই হাইলাকান্দিত কোনো দূষ্ট চক্ৰৰ প্ৰৰোচনাত প্ৰতিমা বিসৰ্জনৰ সময়ত মাইকত ধৰ্মীয় গানৰ সলনি অতি আশ্চৰ্যকৰভাৱে বজাইছিল অন্য ধৰ্মাৱলম্বীৰ গুৰু বা শ্ৰদ্ধাৰ পাত্ৰ মুল্লা,মৌলবীক কটাক্ষ কৰি গোৱা সংগীত। এই সংগীত বজোৱাক লৈ এতিয়াও ভিতৰি ভিতৰি এক উত্তেজনাই বিৰাজ কৰি আছে।ইয়াকে লৈ বৰাকৰ বিভিন্ন দল-সংগঠনকে ধৰি সাধাৰণ ৰাইজও চিন্তিত হৈ পৰিছে।ইফালে এই ঘটনাৰ প্ৰতিবাদত সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ কৰিমগঞ্জ জিলা সমিতিৰ তৰফৰ পৰা বদৰপুৰৰ আৰক্ষী বিষয়াসহ জিলা প্ৰশাসনক দিয়া হৈছে এক লিখিত অভিযোগ। পত্ৰযোগে
অতি সোনকালেই অভিযুক্ত দুস্কৃতিকাৰী সকলক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ দাবী উখাপন কৰা বুলি জানিব পৰা গৈছে।
- Log in to post comments
- 40 views