মৰিগাঁৱৰ পৰা জিতুমনি নাথৰ প্রতিবেদন :
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থানক লৈ চলি অহা বিতৰ্কৰ মাজতেই মৰিগাঁৱৰ মৰনৈ পাৰ আহঁতগুৰি চাপৰিৰ বেজবৰুৱা জন্মস্থান সমিতিয়ে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থানৰ নতুন তথ্য পোহৰলৈ অনা বুলি দাবী উত্থাপন কৰিছে। মৰিগাঁৱৰ মৰনৈ পাৰ আহঁতগুৰি চাপৰি বেজবৰুৱা জন্মস্থানৰ সমিতিৰ মুখ্য উপদেষ্টা,সাহিত্যিক,চিন্তাবিদ ভাৰত চন্দ্ৰ নাথে সাংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক তথ্যপূৰ্ণ প্ৰেছ বাৰ্ত্তাত কয় মুন্সিফৰ পৰা ডেপুটি কলেক্টৰলৈ প্ৰমোচন হৈ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ দীননাথ বেজবৰুৱাই নগাঁৱৰ পৰা বৰপেটালৈ বদলি হৈ যাঁওতে এখন ষ্টীমাৰ বা ভাপনাও,এখন গৰুৰ গাড়ী,এখন শুৱালকুছীয়া হোলোংনাও ব্যৱহাৰ কৰিছিল। ব্যৱহাৰ্য বয় বস্ত সহ দীননাথ বেজবৰুৱাৰ পৰিয়ালৰ মৰনৈত ওপজা সদ্যজাতৰ সৈতে ৯ জন ব্যক্তিগত সহায়ক লগুৱা -লিগিৰী পৰিয়াল আৰু বিভাগীয় কৰ্মচাৰী ৮ জন সহ মুঠ ১৭ জন ব্যক্তিয়ে তিনিবিধ যাতায়ত ব্যৱস্থাৰে গন্তব্যস্থানলৈ গতি কৰিছিল। তদুপৰি গুৱাহাটী কৰ্টৰ (কাছাৰীৰ) পৰা কলেক্টৰ যমছ মেথিয়ে বাৰ্ত্তা দি পঠিওৱা ছাপৰাচীজন, ষ্টীমাৰ এখন দি পঠিওৱা চালক সহ লোক দুজন,ব্যক্তিগত ভাবে ডেপুটি কলেক্টৰ বেজবৰুৱাই ভাড়ালৈ লোৱা গৰু-গাড়ীৰ গাৰোৱান আৰু নাৱৰ নাৱৰীয়া জন সহ সৰ্বমুঠ২১জন লোক সহযাত্ৰী হৈ আছিল। আহঁতগুৰি চাপৰিৰ পানী যুঁৱলীত বন্ধা নাৱত লক্ষ্মীনাথৰ জন্ম হোৱাৰ তৃতীয় দিনটোত চাপৰিৰ গৰখীয়া থানত সবাহ কৰি লক্ষ্মীনাথৰ জন্ম সোঁৱৰণী কৰিবলৈ মহী শৰ্মা আৰু প্ৰসূতি মাতৃ -পুত্ৰৰ শুশ্ৰূষা দিহা -পৰামৰ্শ বাবে শৰ্মাৰ পত্নী চম্পা দেৱীক নাওখনত লৈ গৈছিল। সোঁৱৰণী কৰোঁতা মহী শৰ্মাৰ পৰিয়ালৰ সহোদৰ ভাই ভূমি শৰ্মাই আহঁতগুৰি চাপৰিৰ পৰা ব্যক্তিগত নাৱৰে গুৱাহাটী কাছাৰীলৈ গৈ দীননাথ বেজবৰুৱাৰ বদলি স্থগিত কৰণৰ চেষ্টা,ভাড়ালৈ ষ্টীমাৰ এখন অনা চেষ্টা আৰু গুৱাহাটীৰ পৰা মদনমোহন "কলগান"এটা আনি "ভৰাগাঁৱৰ" ঘাটত বজোৱা কথা লক্ষ্মীনাথ বেজবৰুৱাই "জোনাকী" আৰু "বাহী"ত বৰ্ণনা কৰিছে। আনহাতে মানুহৰ নাম গাঁৱৰ নাম লিখা বাদেও ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই লিখা বিৱৰণত বৰদোৱাকে ধৰি বিভিন্ন সত্ৰ শংকৰীয়া ঐতিহ্যৰ বিভিন্ন ঠাইৰ নাম ৰামচৰণ ঠাকুৰৰ গুৰু চৰিত পুথিৰ আধাৰতো ব্যক্ত কৰিছে। বৰদোৱা -কোৱাইকটা -বৰচিলা,শিলপুখুৰী,কুঁজীসত্ৰ -টুকটুকি -কুসুমবৰি -আহঁতগুৰি চাপৰি -চোকাবাঁহগাঁও -হাবিবনগাঁও -ডাঙৰীয়া গাঁও-নগাবন্ধা -লুহুৰিহাত-ভৰাগাঁও-হুলুকান্দা আদি ঠাইৰ নামৰ সংগতি আছে। দীননাথ বেজবৰুৱাৰ যাত্ৰা ব্যৱস্থা যাত্ৰা পথ আৰু তেওঁৰ সহযাত্ৰী সকলৰ নামৰ তালিকাখন লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান নিশ্চিতকৰণ বিষয়ক কাৰ্যৰ সহায়ক আৰু উৎসাহ জনক সমল হোৱাৰ লগতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়েও এই বিষয়টো অধিক ত্বৰান্বিত কৰিব বুলি আশা প্ৰকাশ কৰিছে চিন্তাবিদ,সাহিত্যিক ভাৰত চন্দ্ৰ নাথৰ লগতে মৰিগাঁৱৰ মৰনৈ পাৰ আহঁতগুৰি চাপৰি বেজবৰুৱা জন্মস্থান সমিতিয়ে।
- Log in to post comments
- 36 views