শুৱালকুছিৰ পৰা মৃণাল ডেকা:
কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ পূব বংশৰ অঞ্চলত মন্ত্ৰী ৰিহণ দৈমাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ পানী যোগান আচঁনিৰ অচলাৱস্থাৰ বাবে অঞ্চলবাসী বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হ'ব লগা হৈছে ৷ উল্লেখযোগ্য যে ,কামৰূপ জিলাৰ হাজো ৰাজহচক্ৰৰ অন্তৰ্গত পূব বংশৰ মৌজাৰ বৃহত্তৰ অঞ্চলত অসম চৰকাৰৰ বিয়োগম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্থ আমোলা আৰু একাংশ ঠিকাদাৰৰ অবাধ লুণ্ঠনৰ বাবেই আজিও কেইবাটাও পানী যোগান আচঁনি সম্পূৰ্ণ হৈ নুঠিল৷স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ,ইয়াৰে ১ নং ৰৌমাৰী পানী যোগান আচঁনিখন বিগত ৪ বছৰেই বিকল হৈ আছে।আৰম্ভণিতে দুমাহমান বিশুদ্ধ পানী যোগান ধৰিছিল যদিও সম্প্ৰতি আচঁনিখন বিকল হৈ আছে,যাৰ ফলত বৃহত্তৰ ৰৌমাৰী অঞ্চল বিশুদ্ধ পানীৰ পৰা বঞ্চিত হ'ব লগা হৈছে।এই সন্দৰ্ভত ৰাইজ তথা পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিল যদিও কোনো সুফল নাপালে।ইয়াৰ উপৰিও গন্ধমৌৰ বংশৰ হাইস্কুলৰ ওচৰত থকা পানী যোগান আচঁনিখনো বিগত কেইবাবছৰ ধৰি বিকল হৈ আছে৷১১৪ নং গন্ধমৌ গাঁও পঞ্চায়তৰ কিছমৎ বংশৰ কদমতলীত জনস্বাস্থ্য কাৰিকৰী বিভাগে নিৰ্মাণ কৰা পানী যোগান আঁচনিখনত একাংশ দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰৰ লুণ্ঠনৰ বাবেই আজিও বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হব লগা হৈছে অঞ্চলবাসী। প্ৰায় তিনি বছৰ আগতে কিছমৎ কদমতলী অঞ্চলত নিৰ্মাণ কৰা পানী যোগান আচঁনিখন আজিও সম্পূৰ্ণ নহ'ল,যাৰ বাবে উক্ত অঞ্চলৰ ৰাইজে বিশুদ্ধ পানীৰ কাৰণে হাহাঁকাৰ কৰিব লগা হৈছে ৷অতি শীঘ্ৰেই উক্ত অঞ্চলসমূহত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰি দিবলৈ স্থানীয় ৰাইজে মন্ত্ৰী তথা স্থানীয় বিধায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে।
- Log in to post comments
- 42 views