আজিয়েই ৰিচাৰ্জ কৰিব লাগিব Jioৰ গ্ৰাহকে:নহ'লে কল নাযাব পাৰে আন নেটৱৰ্কলৈ

Pic

ৰিলায়েন্স Jioৰ যিসকল গ্ৰাহক,তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ।'ট্ৰাই'ৰ নিৰ্দেশ অনুযায়ী ইন্টাৰকানেক্ট ইউজেছ চার্জ(IUC) হিচাপে Jioই আন নেটৱৰ্কলৈ Jioৰ পৰা ফোন কৰিলে প্ৰতি মিনিটত ৬ পইছাকৈ ল'ব বুলি ঘোষণা কৰাৰ পিছতে এতিয়া এই সেৱা বিনামূলীয়া হৈ থকা নাই।Jioৰ পৰা আউটগ'ইং কল অব্যাহত ৰাখিবলৈ হ'লে আজিৰে পৰা Jioৰ গ্ৰাহকসকলে ৰিচাৰ্জ কৰিব লাগিব IUC টপআপ ভাউচৰ।এই ভাউচৰ ১০ টকাৰে পৰা উপলব্ধ।উল্লেখ্য যে Jioৰ পৰা Jioলৈ ফোন কৰিবলৈ এতিয়াও কোনো ধন ভৰিব নালাগে।

Your Comments