সদৌ অসম কবি সন্মিলনৰ নৱ-নিৰ্বাচিত সহকাৰী সম্পাদক বাবলু প্ৰসাদ বৰুৱা চিকিৎসাধীন

জমিৰ উদ্দিন তালুকদাৰ, ডবকা :

সদৌ অসম কবি সন্মিলনৰ নৱ-নিৰ্বাচিত সহ সম্পাদক তথা অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰাক্তন সহকাৰী সম্পাদক, যুৱ কবি, সৃষ্টিশীল লেখক, সংবাদসেৱী, সংগঠক বাবলু প্ৰসাদ বৰুৱা সদৌ অসম কবি সন্মিলনৰ বিগত পঞ্চদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ তেজপুৰ অধিৱেশনৰ পৰা ঘৰলৈ ঘূৰি আহোঁতে আধা বাটতে হঠাতে গুৰুতৰভাবে অসুস্থ হৈ পৰাত যোৱা ৪ অক্টোবৰ তাৰিখে গুৱাহাটীৰ দিছপুৰ হাস্পতালত ভৰ্তি কৰোৱা হয় । বৰ্তমান তেখেতে ভীষণ আৰ্থিক সংকটত ভুগিছে । ইতিমধ্যে তেখেতৰ চিকিৎসাৰ বাবে সদৌ অসম কবি সন্মিলনৰ বিভিন্ন জিলা, শাখাৰ লগতে বহু হৃদয়বান ব্যক্তিয়ে আৰ্থিক সাহায্য আগবঢ়াইছে যদিও সেয়া যথেষ্ট নহয় । জানিব পৰা মতে, দিছপুৰ হাস্পতালৰ পৰা কবিজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ ৰেফাৰ কৰা হৈছে যদিও ধনৰ অভাৱত পৰিয়ালে ৰিলিজ ল'ব পৰা নাই । এই সময়ত তেখেতক প্ৰায় ডেৰ লাখ টকাৰ প্ৰয়োজন । গতিকে সদাশয় ব্যক্তি, সংগঠন, সচেতন ৰাইজ, চৰকাৰক আৰ্থিকভাৱে দুৰ্বল সমাজ সচেতন, শিক্ষিত নিৱনুৱা যুৱকজনৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় কিছু আৰ্থিক সাহায্য আগবঢ়াবলৈ তেখেতৰ পৰিয়ালে অনুৰোধ জনাইছে । সহৃদয় ব্যক্তিয়ে BABLU PRASAD BARUAH, A/C No. 31029056133, IFSC CODE:SBIN0004460, BRANCH: GAR ALI, JORHAT- এই একাউন্ট নম্বৰত আৰ্থিক সাহাৰ্য আগবঢ়াব পাৰিব ।

Your Comments