মাজুলীত সপ্তম সংখ্যক মিচিং যুৱ মহোৎসৱৰ প্ৰস্তুতি : ৰাষ্ট্ৰপতিক আমন্ত্ৰণৰ প্ৰস্তাৱ

majuli

নিউজ এএছএন প্ৰতিবেদক, মাজুলী : 

মিচিং জনগোষ্ঠীৰ সৰ্ববৃহৎ সাংস্কৃতিক অনুষ্ঠান মিচিং যুৱ মহোৎসৱ অহা ১৬ জানুৱাৰীৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মাজুলীৰ জেংৰাইমুখৰ খেৰকটীয়া নৈৰ পাৰত অনুষ্ঠিত হ'ব । সেই বৃহৎ কাৰ্যসূচী সফল কৰি তোলাৰ উদ্দেশ্যে আজি জেংৰাইমুখ বৰপমুৱা ৰংগমঞ্চত অনুষ্ঠিত বৃহৎ ৰাজহুৱা সভাত সপ্তম সংখ্যক মিচিং যুৱ মহোৎসৱৰ অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে প্ৰেমধৰ দলে,কাৰ্যকৰী সভাপতি হিচাপে হৰিপ্ৰসাদ পেগু,উপসভাপতি হিচাপে ক্ৰমে নীলকান্ত দলে,প্ৰদীপ দলে,উমা পাঠৰী,দেৱজিত পাতিৰ, ক্ষীৰোদ পেগু,পুলিন দলে,অনিল পায়েং,দেবৰঞ্জন মৰাং,মনোজ কামান,নীম পেগু,সাধাৰণ সম্পাদক হিচাপে ৰাজীৱ পেগু,সম্পাদক হিচাপে ৰাজু চিন্তে,উদ্ধৱ দলে,যুটীয়া সম্পাদক হিচাপে ডম্বৰু পেগু, ৰাজীৱ দলে,মোহন পেগু,প্ৰনয় দে,ৰাখেশ কুম্বাং,ৰবীন দলে,দিলীপ পেগুক লৈ এক শক্তিশালী সমিতিখন গঠন কৰা হয়। এই অভ্যৰ্থনা সমিতি গঠনৰ পিছত শিক্ষাবিদ, বিশিষ্ট সমাজ কৰ্মী ৰঞ্জিত দলেৰ সভাপতিত্বত দিনৰ এঘাৰ বজাৰ পৰা বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয় ।

মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য নীলকান্ত দলেই উদ্বোধন কৰা সভাত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ তথা মিচিং মিমাগ কেবাংৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সূনীল পেগুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কয় বৰ্তমান সময়তো মিচিং অধ্যুষিত অঞ্চলৰ খহনীয়া সমাধান নোহোৱা পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ মূৰব্বীক এই মিচিং মহোৎসৱলৈ আমন্ত্ৰণ জনাই দৃষ্টিগোচৰ কৰিব । লগতে মাজুলীৰ পৰ্যটন ক্ষেত্ৰ অধিক আগুৱাই উদ্দেশ্য আগত ৰাখি এই মহোৎসৱৰ অন্যতম এজেণ্ডা বুলি পৰিষদৰ অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে। বিশিষ্ট অতিথি হিচাপে ক্ৰমে জোনাইৰ বিধায়ক ভূৱন পেগু, মিচিং যুৱ মহোৎসৱ কেন্দ্ৰীয় অভ্যৰ্থনা কমিটিৰ সভাপতি একলব্য গাম,মিচিং আগম কেবাংৰ প্ৰাক্তন সচিব প্ৰভাত মিলি,টি এম পি কে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পদ্মলোচন দলে,উপ সভাপতি ক্ষীৰোদ পেগু,সাংগঠনিক সম্পাদক যতীন পেগু, এম এম কে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক প্ৰেমধৰ দলে,সদৌ অসম ঢুলীয়া সন্থাৰ সম্পাদক মনোজ কামান,জিলা পৰিষদ সদস্য দেৱজিত পাতিৰ,মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে বিজু পেগু,ইন্দিৰা কুম্বাং, সাধাৰণ সদস্য ক্ৰমে উমা পাঠৰী,ত্ৰৈলোক্য পামেগাম আদিকে ধৰি বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ।

ঢকুৱাখনা, লখিমপুৰ আৰু মাজুলীৰ বিভিন্ন ঠাইৰ পৰা অহা প্ৰায় সহস্ৰাধিক প্ৰতিনিধিৰে অনুষ্ঠিত  হোৱা উক্ত সভাত সপ্তম সংখ্যক মিচিং যুৱ মহোৎসৱলৈ ৰাষ্ট্ৰপতিক আমন্ত্ৰণ জনোৱা,এক লাখ লোকৰ সমাগম কৰোৱা,প্লাষ্টিক প্ৰদূষণ মুক্ত কৰা, মাজুলীত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ পৰা সাংস্কৃতিক ক্ষেত্ৰ নিৰ্মাণ কৰা,এই মহোৎসৱ সফল কৰি তোলাৰ বাবে পৰিষদৰ পৰা আৰ্থিক সাহাৰ্য আগবঢ়োৱা, ঢকুৱাখনা, লখিমপুৰ আৰু মাজুলী আদি তিনিওটা অঞ্চলৰ মিচিং জাতীয় সংগঠনৰ জিলা সমিতিৰ অভ্যৰ্থনাৰে এই মহোৎসৱ সফল উদযাপন কৰা আদি  কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে। এম এম কে মাজুলী জিলা সমিতিৰ সভাপতি ৰাজীৱ পেগুৱে আঁত ধৰা অনুষ্ঠানত এম এম কে ঢকুৱাখনা জিলা সমিতিৰ সভাপতি পুলিন দলে,সম্পাদক মোহন পেগু,টি এম পি কে ঢকুৱাখনা জিলা সমিতিৰ সম্পাদক ৰাজীৱ দলে,টি এম পি কেৰ মাজুলী জিলা সমিতিৰ সভাপতি ৰাজু চিন্তে, সম্পাদক টুটু পাংগিং,এম এম কে সম্পাদক ৰঞ্জিত গাম আদি উপস্থিত থাকে ।

Your Comments