ঐতিহাসিক আজানপীৰ দৰগাহৰ দানপাত্ৰ ভাঙি লক্ষাধিক টকা চুৰি

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:


শিৱসাগৰৰ চহৰৰ পৰা ১৫ কি:মি: নিলগৰ ঐতিহাসিক সৰাগুৰি চাপৰিৰ আজানপীৰ দৰগাহত ৮ অক্টোবৰৰ নিশা সংঘটিত এটা চুৰি কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে বুধবাৰে পুৱা স্থানীয় ৰাইজে দৰগাহৰ এটা দানপাত্ৰ ভঙা অৱস্থাত প্ৰত্যক্ষ কৰি স্থানীয় আৰক্ষী আৰু প্ৰশাসনক খবৰ দিয়ে।আৰক্ষী আৰু জিলা দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ দানপাত্ৰটো খুলি বাকী থকা টকাসমূহ  উদ্ধাৰ কৰে।আৰক্ষীৰ ভাষ্য মতে দানপাত্ৰৰ পৰা প্ৰায় ২ লাখ ৮৫ হাজাৰ ৫০০ টকা উদ্ধাৰ কৰে। ইয়াৰে ৩০ হাজাৰ টকা নষ্ট হোৱা অৱস্থাত উদ্ধাৰ কৰে। জিলা দণ্ডাধীশ সম্প্ৰীতি গোস্বামী আৰু অতিৰিক্ত  আৰক্ষী অধীক্ষক বলিন দেউৰীয়ে স্থানীয় নাগৰিকৰ সহযোগত উদ্ধাৰ হোৱা টকাখিনি হিচাপ কৰে। 

Pic

স্থানীয় ৰাইজৰ মতে ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা দানপাত্ৰকেইটা বন্ধ হৈ আছিল।আজানপীৰ দৰগাহৰ দুখন সমিতিৰ মাজত হোৱা সংঘাতৰ বাবে বিষয়টো বৰ্তমান ন্যায়ালয়ত বিচাৰধীন হৈ আছে। দীৰ্ঘদিন ধৰি দানপাত্ৰকেইটা বন্ধ হৈ আছিল বাবে কেইবা লক্ষাধিক টকা জমা হৈ আছিল বুলি জানিবলৈ দিয়ে। স্থানীয় ৰাইজে সন্দেহ কৰা মতে দানপাত্ৰৰ পৰা চোৰে প্ৰায় ৮/ ৯ লাখ টকা চুৰি কৰি নিয়ে। 

উল্লেখ্য যে কিছুদিন পূৰ্বে আজানপীৰ দৰগাহৰ আন এটা দানপাত্ৰৰ পৰাও চোৰে চুৰি কাৰ্য সংঘটিত কৰিছিল।

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এখন চাইকেল,দুটা তলা আৰু এপাট তলাভঙা সঁজুলি উদ্ধাৰ কৰে।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Your Comments