জামুগুৰিহাটৰ পাঞ্চজন্য বৰনামঘৰত শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ উদযাপন 

jamuguri

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন :


শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ পাঞ্চজন্য বৰনামঘৰত মঙলবাৰে জামুগুৰি আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱৰ নামধৰ্ম সমাজৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাব মহোৎসৱ উলহ-মালহৰে উদযাপন হৈ যায় । আঞ্চলিক সমাজৰ দ্বাৰা ধৰ্মধ্বজা উত্তোলন আৰু স্মৃতি তৰ্পণৰ পিচতে ধৰ্মীয় শোভাযাত্ৰা উদ্বোধন কৰে শ্ৰীমন্ত নামধৰ্ম সমাজৰ আই মাতৃ শাখাৰ ৰাজ্যিক সভানেত্ৰী হেমলতা শইকীয়াই । ইয়াৰ পিচতে নাম-কীৰ্তনেৰে দিনজোৰা কাৰ্যসূচীৰ সামৰণি পৰে । আজি অনুষ্ঠিত হ'বলগা ধৰ্মালোচনা সভাত ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ, জামুগুৰি আঞ্চলিক শাখাই ।

Your Comments