গোলাঘাটৰ নুমলীগড়ত হাতী- মানুহৰ সংঘাত :এজন যুৱকৰ মৃত্যু 

golaghat

গোলাঘাট : 

এসময়ত ঘন হাবিৰে আগুৰি থকা নুমলীগড়ৰ বৃহৎ এলেকা এতিয়া জন অৰণ্য লৈ পর্যবেশিত হৈ পৰাৰ চৰম পৰিণতিত এতিয়া ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে হাতী- মানুহৰ সংঘাত। এই সংঘাতৰ ফলশ্ৰুতিতে সোমবাৰে নিশা নুমলীগড়ৰ ৫ নং ৰংবং গাঁৱত  হাতীৰ গচকত মৃত্যু  হ'ল এজন যুৱকৰ। মানস বৰুৱা নামৰ এই যুৱকজন নিশা হাতী খেদিবলৈ বুলি ওলাই গৈছিল।যদিও বনৰীয়া হাতীৰ আক্ৰমণত ঘটনাস্থলীতে শোকাৱহভাৱে মৃত্যুক সাৱটি লয় যুৱকজনে। নুমলীগড় ৰিফাইনৰীৰ কাষৰ এই বৃহৎ অঞ্চলটোত বনৰীয়া হাতীৰ মুক্ত বিচৰণত জনজীৱনৰ প্ৰতি চৰম ভাবুকি অহা স্বত্বেও বনবিভাগে বিশেষ পদক্ষেপ গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিততেই উক্ত অঞ্চলটোত সঘনাই সংঘটিত হ'ব ধৰিছে হাতী - মানুহৰ সংঘাত।

Your Comments