দুর্গা পূজাৰ মাজতে অঘটন : ঘগ্ৰাপাৰৰ বিজেপি নেতা জয়ন্ত সৰকাৰৰ ৰে'লৰ পৰা পৰি মৃত্যু

baharghat

নৰেন শৰ্মা,বাহাৰঘাট :

সমগ্ৰ ৰাজ‍্যতে দুৰ্গোৎসৱে উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰি ৰখাৰ সময়তে ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত বৰাজোল গাঁও নিৱাসী বলাই চৰকাৰৰ পুত্ৰ তথা বড়িগোগ বনভাগ মণ্ডলৰ বিজেপিৰ এছচি মৰ্চাৰ সহ :সম্পাদক  জয়ন্ত সৰকাৰে (২৭) সোমবাৰে পুৱা কোচবিহাৰত দুৰ্গা পূূজা  উপভোগ  কৰিবলৈ গৈ থাকোঁতেই ৰে'লৰ পৰা পৰি  মৃত্যু হয় । সৰকাৰৰ আকস্মিক মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰাৰ লগতে বহু দল -সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।জানিব পৰা মতে সোমবাৰে পুৱা ৰে'লৰে কোচবিহাৰত দুর্গা পূজা উপভোগ কৰিবলৈ গৈ থাকোতে কোচবিহাৰতে ৰে'লৰ পৰা পিছলি পৰি মৃত্যু হয় চৰকাৰৰ।চৰকাৰে বৰাজোলত স্থানীয়ভাৱে কাপোৰৰ ব‍্যৱসায় কৰাৰ উপৰিও বিজেপি দলৰ বড়িগোগ- বনভাগ মন্ডলৰ এচচি মৰ্চাৰ সহঃ সম্পাদক পদত কাৰ্য্যনিৰ্বাহ কৰি আছিল।তেওঁৰ অকাল মৃত্যুত মঙলদৈৰ সাংসদ দিলীপ   শইকীয়া,নলবাৰীৰ বিধায়ক অশোক শৰ্মা,বড়িগোগ বনভাগ মন্ডল বিজেপিৰ সভাপতি মৃদুল কলিতা,সম্পাদক ডিম্বেশ্বৰ বেজবৰুৱা,চন্দন ডেকা,নলবাৰী যূৱ মৰ্চাৰ সভাপতি তথা ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা,পূৱ -বনভাগ (বৰাজোল) গাঁও পঞ্চায়তৰ সভাপতি নমিতা ৰাজবংশী,কাউন্সিলাৰ মনিকা ভৰালী,নলবাৰী জিলা এচ চি মৰ্চা, বৰাজোল বজাৰ উন্নয়ন সমিতি আদিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিদেহ আত্মাই চিৰশান্তি লাভ কৰাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। মৃত্যুৰ সময়ত সৰকাৰে পিতৃ-মাতৃ,ককায়েক,ভনীয়েকসহ অনেক গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়।

Your Comments