বঙাইগাঁওঃ
জগৎ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ সংখ্যক জন্মোৎসৱ মঙলবাৰে ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে বঙাইগাঁৱতো উদযাপিত হয় ৷ এই উপলক্ষে পুৱাৰে পৰা চহৰখনৰ নামঘৰসমূহ নাম- প্ৰসংগৰে মুখৰিত হৈ পৰে ৷ চহৰখনৰ বঙাইগাঁও নামঘৰ প্ৰাংগণত সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ সংখ্যক জন্মোৎসৱ উদযাপন কৰাৰ বিপৰীতে বৰপাৰা নামঘৰ, দেউৰীপাৰা সাৰ্বজনীন নামঘৰ, নিউ বঙাইগাঁও নামঘৰ আদিকে ধৰি বিভিন্ন নামঘৰতো গুৰুজনাৰ আবিৰ্ভাৱ তিথি উদযাপিত হয় ৷ বঙাইগাঁও নামঘৰত উদযাপিত গুৰুজনাৰ জন্মোৎসৱৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত ঊষা কীৰ্তন, পুৱাৰ প্ৰসংগ, ভাগৱত পাঠ আৰু ভাগৱত লৈ শোভাযাত্ৰা উলিওৱা হয় ৷ শান্তনু পাঠকে আগ ধৰা ভাগৱত শোভাযাত্ৰাৰ উদ্বোধন কৰে দময়ন্তী ৰায়ে ৷ ইয়াৰ পিচতে গছপুলি ৰোপণ কৰে বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে ৷ গছপুলি ৰোপণ কাৰ্যসূচীত বঙাইগাঁও নামঘৰ সমিতিৰ সভাপতি মৃণাল অধিকাৰীয়ে সহযোগ কৰে ৷ দুপৰীয়াৰ ভাগত অনুষ্ঠিত হয় ধৰ্মালোচনী সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচন অনুষ্ঠান ৷ নামঘৰ সমিতিৰ সভাপতি মৃণাল অধিকাৰীৰ সভাপতিত্বত অনুষ্ঠিত ধৰ্মালোচনী সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচন অনুষ্ঠানত বঙাইগাঁও জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰৱক্তা ডিম্বেশ্বৰ মেধিয়ে নিৰ্দ্দিষ্ট বক্তা হিচাপে উপস্থিত ভাষণ প্ৰদান কৰাৰ লগতে স্মৃতিগ্ৰন্থখন উন্মোচন কৰে ৷ সভাত আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ আবেলি থিয়নাম আৰু সন্ধিয়া ৫৭১গচি বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ সামৰণী পৰে ৷
উল্লেখ্য যে সোমবাৰে পুৱাৰভাগত পুৱাৰ প্ৰসংগ,ভাগৱত পাঠ আৰু আবেলিৰ ভাগত বঙাইগাঁও নামঘৰৰ আইসলৰ নাম তথা সন্ধিয়া নাম- প্ৰসংগ আৰু ভাগৱত পাঠ অনুষ্ঠিত হৈছিল ৷ শাৰদীয় দুৰ্গোৎসৱৰ বিজয়া দশমীৰ দিনা এফালে দেৱীৰ বিসৰ্জন পৰ্ব অনুষ্ঠিত হোৱাৰ বিপৰীতে নামঘৰে নামঘৰে পুৱাৰে পৰা আৰম্ভ হোৱা নাম - প্ৰসংগই এক ভক্তি ভাৱৰ সৃষ্টি কৰে চহৰখনত ৷ সেইদৰে বহু পৰিয়ালৰ ঘৰে ঘৰেও মহাপুৰুষজনাৰ জন্মোৎসৱ উপলক্ষে আগবঢ়াই এভাগ শৰাই ৷
- Log in to post comments
- 17 views