বাহাৰঘাটৰ পৰা নৰেন শৰ্মা:
মহাষ্টমীত মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই তেওঁ জন্ম গ্ৰহণ কৰা গাঁও পঞ্চায়তৰ দুখন দুৰ্গা পূজাত অংশগ্ৰহণ কৰি দেৱীৰ আশিস লয়৷উল্লেখযোগ্য যে পূৰ্বৰে পৰা শইকীয়া উক্ত পূজাসমূহৰ লগত ওত:প্ৰোতভাৱে জড়িত হৈ আছিল৷এইবেলি সাংসদ হৈ তেওঁ জন্মগাঁও পূৰ্ণকামদেৱৰ ওচৰৰে বৰখালা দুৰ্গা পূজাত মৃন্ময় প্ৰতিমা দান দি পৰম সন্তুষ্টি লাভ কৰে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে৷দেওবাৰে তেওঁ উক্ত পূজাত দিনৰ ভাগত অনুষ্ঠিত হোৱা সন্ধিপূজাত ভক্তি অৰ্ঘ্য নিবেদন কৰে৷
ইয়াৰ পিচতে শৈশৱৰে পৰা জড়িত পঃবঃসাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজা(দেহাৰকুছি)ত উপস্থিত হৈ দেৱীৰ ওচৰত প্ৰনাম জনায়৷তেওঁক নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা,বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহ সদস্য মধুৰাম ডেকা,দেহাৰকুছি গাওঁ পঞ্চায়তৰ সভাপতি যোগেশ্বৰ শৰ্মা,আঞ্চলিক সদস্য ফনীনাথ লহকৰ সহ বহুকেইজন দলীয় সতীৰ্থই সংগ দিয়ে৷
- Log in to post comments
- 25 views