বঙাইগাঁওঃ
শাৰদীয় দুৰ্গোৎসৱকলৈ এতিয়া মতলীয়া ৰাজ্যবাসী ৷ অন্যান্য ঠাইৰ লগতে পশ্চিম অসমৰ বঙাইগাঁও চহৰতো দুৰ্গোৎসৱকলৈ সৃষ্টি হৈছে সকলোৰে মাজত উছাহ ৷ দোকানে- পোহাৰে, পূজা মণ্ডপে মণ্ডপে ভিৰ কৰিছে লোকে ৷ উল্লেখ্য যে এইবেলি বঙাইগাঁও চহৰ তথা বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত বিভিন্ন এলেকাত মুঠ ৭৭ খন দুৰ্গা পূজা অনুষ্ঠিত হৈছে ৷ সেইদৰে বঙাইগাঁও চহৰৰ ঐতিহ্য মণ্ডিত বাঘেশ্বৰী মন্দিৰতো অনুষ্ঠিত হৈছে দুৰ্গা পূজা ৷ জমিদাৰী আমোলৰ পৰা চলি অহা এই পূজাত নাই কোনো জাক- জমকতা ৷ প্ৰাচীন ধৰ্মীয় পৰম্পৰাৰে চলি অহা এই বাঘেশ্বৰী মন্দিৰত পূজাৰ বাবে নাই কোনো প্ৰতিমাৰ ব্যৱস্থা ৷ কাৰণ বাঘেশ্বৰী মন্দিৰৰ মূল মাটিৰ বেদীৰ ওপৰত থকা সিংহাসনত প্ৰতিমাৰ সলনি সদা অধিষ্ঠিত হৈ আছে লোৰ এখন বলি কটা দা ৷ এই দাখনকে দিনৰ পিছত দিন ধৰি বাঘেশ্বৰী মন্দিৰত কৰি অহা হৈছে পূজা- অৰ্চনা ৷ এইয়াই হৈছে বাঘেশ্বৰী মন্দিৰৰ পৰম্পৰা ৷ আনহাতে মহা নৱমীৰ দিনা প্ৰতিবছৰৰ দৰে এইবাৰো ম'হ বলি দিয়া হ'ব ৷ বাঘেশ্বৰী মন্দিৰত সপ্তমীৰ পৰা নৱমীলৈ চলিব পূজা-অৰ্চনা ৷ উল্লেখ্য যে বঙাইগাঁও চহৰৰ নিকটৱৰ্তী ডাংতল, নিউ বঙাইগাঁও ৰে'লৱে কলনীত পূৰ্বৰ দৰে এই বেলিও দৰ্শক ৰাইজক আকৰ্ষিত কৰাৰ বাবে কেবাটাও আকৰ্ষণীয় মণ্ডপ সাজি উলিয়াইছে পূজা সমিতিসমূহে ৷
নিউ বঙাইগাঁও পশ্চিম ৰে'লৱে কলনিত মণ্ডপৰ সন্মুখতে দেৱী দুৰ্গাৰ আকৰ্ষণীয় প্ৰতিমা স্থাপন কৰি দেৱীক আদৰণি জনোৱাৰ লগতে মণ্ডপৰ ভিতৰত বিভিন্ন কাৰিকৰীৰে ১০৮ টা পদুম ফুলেৰে সজ্জিত কৰি দেৱ -দেৱীৰ মূৰ্তি স্থাপন কৰি আকৰ্ষণীয কৰি তুলিছে ৷ পশ্চিমবংগৰ মেদিনীপুৰৰ দহ গৰাকী শিল্পীয়ে প্ৰস্তুত কৰি তুলিছে এই পূজা মণ্ডপ ৷ আয়োজক সকলে দৰ্শক ৰাইজক আকৰ্ষণ কৰিব পাৰিব বুলি আশা ব্যক্ত কৰিছে ৷ ইপিনে নিউ বঙাইগাঁও চেট্ৰেল কলনিৰ দুৰ্গা পূজা সমিতিয়ে পূজা মণ্ডপ গোলকীয় উষ্ণতা আৰু প্ৰাকৃতিক ভাৰসাম্য হ্ৰাস হোৱাৰ লগতে প্ৰকৃতিৰ জীৱ-জন্তুলৈ আহি পৰা সংকটৰ বিষয়বস্তু উপস্থাপন কৰি মণ্ডপ সাজি উলিয়াইছে ৷ বঙাইগাঁও চহৰৰ ২৫ নম্বৰ ৱাৰ্ডৰ উদয় নগৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে দশম বৰ্ষ হিচাপে চন্দ্ৰযান- ২ আৰ্হিত মণ্ডপ সাজি উলিয়াইছে ৷ মণ্ডপৰ এফালে গছ পুলি ৰোপণ আৰু তাৰ ৰক্ষণাৱেক্ষণ, জল সঞ্চয় আৰু পলিথিন বৰ্জন বিজ্ঞাপনেৰে ৰাইজক সজাগ কৰাৰ প্ৰচেষ্টা মূল লক্ষ্য হিচাপে লৈছে ৷ সেইদৰে চুঙাপোটা, নেতাজী নগৰ আদিৰ পূজা মণ্ডপসমূহো আকৰ্ষণীয় হৈছে ৷ চহৰখনৰ বৃহত্তৰ নিউ বঙাইগাঁও অঞ্চলৰ লগতে টুনীয়াপাৰ বজাৰ, ভাওলাগুৰী, মহাবীৰস্থান, নতুন পাৰা, ৰে'লৱে অল্ড কলনী, চিলাৰায় দৈনিক বজাৰ, বঙাইগাঁও গান্ধী ময়দানৰ বাৰোৱাৰী ৰাস মন্দিৰ প্ৰাংগণৰ দুৰ্গা মন্দিৰ, বৰপাৰা বাছ আস্থান,পালপাৰা, উত্তৰ বঙাইগাঁও, চাপৰাকাটা, পঞ্চপুৰ, বিদ্যাপুৰ আদিত পূজা অনুষ্ঠিত হৈছে ৷ দুৰ্গোৎসৱৰ সমান্তৰালকৈ বঙাইগাঁও আৰক্ষী প্ৰশাসনে বঙাইগাঁৱত নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে ৷
ইপিনে শুকুৰবাৰে নিশা বঙাইগাঁও চহৰৰ দহ নম্বৰ ৱাৰ্ডৰ কালীবাৰী দুৰ্গা পূজা মণ্ডপত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাৰ প্ৰতিমা ক্ষতিসাধন হোৱাত প্ৰতিক্ৰিয়াই বিৰাজ কৰে ৷ অৱশ্যে পাছলৈ এই ঘটনা কোনো দুৰ্বৃত্তৰ বিপৰীতে পূজা মণ্ডপত পূজা উদযাপন সমিতিৰ কোনো স্বেচ্ছাসেৱক নথকাত ষাঁড় গৰুৱে সোমাই ক্ষতিগ্ৰস্ত কৰা বুলি স্থানীয় লোকে প্ৰকাশ কৰিছে ৷ শনিবাৰে বঙাইগাঁও জিলাৰ উপাযুক্ত আদিল খান, আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱাল, অতিৰিক্ত উপায়ুক্ত অনুপম ডেকাই ঘটনাস্থলীত উপস্থিত হৈ পূজা মণ্ডপ পৰ্যৱেক্ষণ কৰাৰ লগতে চহৰখনৰ পূজা মণ্ডপ সমূহ পৰিদৰ্শন কৰে ৷ উল্লেখ্য যে সমগ্ৰ বঙাইগাঁও জিলাখনত এইবাৰ মুঠ ১৫৪ খন দুৰ্গা পূজা অনুষ্ঠিত হৈছে ৷
- Log in to post comments
- 13 views