উলহ মালহেৰে আৰম্ভ পূৱ -নলবাৰী কেন্দ্ৰীয় সাৰ্বজনীন দূর্গা পূজাৰ ৰূপালী জয়ন্তীৰ কাৰ্যসূচী

nalbari

নৰেন শৰ্মা,বাহাৰঘাট :

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত  ঘগ্ৰাপাৰস্থিত বনভাগ বহুমুখী সমবায়ৰ বাকৰিত এইবেলি পূৱ -নলবাৰী কেন্দ্ৰীয় সাৰ্বজনীন দূর্গাপূজাৰ ৰূপালী জয়ন্তী বৰ্ষ ৩ অক্টোবৰ পৰা ৮ অক্টোবৰলৈ বৰ্ণিল কাৰ্য্যসূচীৰে আয়োজন কৰা হৈছে। এই উপলক্ষে শুকুবাৰে নিশা দূর্গা পূজা মুখ্যদ্বাৰ মুকলি কৰে সাংসদ দিলীপ শইকীয়াই । দ্বাৰ মুকলি কৰি সাংসদ  শইকীয়াই কয় যে মনত ভক্তি-আৰাধনা ভাৱ থাকিলেহে জীৱনত শক্তি লাভ কৰাটো সম্ভৱ ।জীৱনলৈ পৰিৱৰ্তন আনিবলৈ হলে কঠোৰ পৰিশ্ৰম কৰাৰ মানসিকতা আৰু মনোবল থকাটো অতিকৈ জৰুৰী বুলি উল্লেখ কৰে। লগতে সাংসদগৰাকীয়ে নিজৰ ভাষণত ৰাজ‍্যবাসীলৈ শাৰদীয় দূর্গা পুজাৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰে। অনুষ্ঠানত ৰাজহ মন্ত্ৰী ভৱেশ কলিতাও উপস্থিত থাকি দুৰ্গা মাৰ চৰণত আৰ্শীবাদ লয়।মন্ত্ৰী কলিতাই ভাষণত পূজা সমিতি সমুহে সমাজত একতা বৰ্তাই ৰক্ষাৰ ক্ষেত্ৰত অতীতৰ পৰা বিশেষ ভূমিকা পালন কৰি আহিছে বুলি মন্তব্য কৰে।তেওঁ লগতে দূর্গা পূজাৰ জৰিয়তে অপশক্তি সমুহ বিনাশ হোৱাৰ কামনা কৰে। ইয়াৰ পুৰ্বে সন্ধিয়া ৬ বজাত মুখ্য তোৰণ উন্সোচন কৰে সমাজকৰ্মী গনেশ তামুলীয়ে।নিশা  ন বজাত নাগাৰা নাম পৰিৱেশন কৰি বিশিষ্ট পাঠকদ্বয় ক্ৰমে ৰামচৰণ ভড়ালী আৰু ৰূপেন ডেকাই ভক্তপ্ৰাণ ৰাইজক আপ্লুত কৰে।

Your Comments