শিৱসাগৰত লালিগুৰৰ বিক্ৰীত নিষেধাজ্ঞা : সৰবৰাহ, মজুতকৰণৰ বিৰুদ্ধেও ১৪৪  ধাৰা জাৰি জিলা প্ৰশাসনৰ

sibsagar

শিৱসাগৰৰ  পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই :

শিৱসাগৰ জিলাত জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টিকাৰী অবৈধ লালিগুড়ৰ বিৰূদ্ধে পুণৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। জিলাখনত লালিগুড়ৰ বিক্ৰীৰ লগতে সৰবৰাহ আৰু মজুতকৰণ সম্পূৰ্ণ নিষিদ্ধ ঘোঘণা কৰি অতিৰিক্ত জিলা দণ্ডাধীশে কঠোৰ নিৰ্দেশ জাৰি কৰিছে। জিলাখনৰ কোনো কোনো অঞ্চলত অসাধু চক্ৰই একমাত্ৰ পশুখাদ্য হিচাপেহে  ব্যৱহৃত লালিগুৰক গোপনে অবৈধ সুৰা প্ৰস্তুতকৰণত ব্যৱহাৰৰ কৰাৰ লগতে এনে সুৰাৰ প্ৰচলন কৰি জনস্বাস্থ্যৰ প্ৰতিয়েই গুৰুতৰ ভাবুকি কঢ়িয়াই অনাৰ বিষয়টো শিৱসাগৰ জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ হোৱাৰ পাছতে এই নিষেধাজ্ঞা আৰোপ কৰা হয়।
অবৈধ সুৰাৰ কু-প্ৰভাৱৰ ফলত জনস্বাস্থ্য আৰু শান্তি- শৃংখলাৰ পৰিৱেশ বিনষ্ট হোৱাৰ আশংকা কৰি অতিৰিক্ত জিলা দণ্ডাধীশ বিদিত দাসে শুকুৰবাৰে জাৰি কৰা এই সম্পৰ্কীয় এক আদেশ অনুসৰি ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত সমগ্র জিলাখনতে তাৎক্ষণিকভাৱে লাগু হোৱাকৈ লালিগুৰৰ বিক্ৰী, সৰবৰাহ আৰু মজুতকৰণৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই আদেশ সমগ্ৰ শিৱসাগৰ জিলাতে আগন্তুক ৬০ দিনলৈ বাহাল থাকিব। এই নিষেধাজ্ঞা ভংগকাৰী লোকৰ বিৰুদ্ধে  ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰা অনুসৰি কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি অতিৰিক্ত জিলা দণ্ডাধীশ গৰাকীয়ে আদেশটোত সকিয়াই দিছে।
অৱশ্যে, লালিগুৰক কেৱল পশুখাদ্য হিচাবেহে ব্যৱহাৰৰ বাবে ক্ৰয়-সৰবৰাহ কৰিব বিচৰা জিলাখনৰ পশুপালকসকলক এইক্ষেত্ৰত কিছু সকাহ দিছে জিলা প্ৰশাসনে। পশুপালকসকলে জিলা দণ্ডাধীশ, অতিৰিক্ত জিলা দণ্ডাধীশ বা পশু চিকিৎসা বিভাগৰ পৰা আগতীয়াকৈ অনুমতি লৈ পোহনীয়া পশুৰ বাবে খাদ্য হিচাপে ব্যৱহাৰ কৰিবলৈ লালিগুড় ক্ৰয় আৰু সৰবৰাহ কৰিব পাৰিব।

Your Comments