কেইবাখনো ৰে'লক ব্যক্তিগত খণ্ডক হস্তান্তৰৰ প্ৰতিবাদ বঙাইগাঁৱত ৰে'লৱে মজদুৰ ইউনিয়নৰ

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

'নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৰে'ল শিল্পক কৰ্পৰেট গোষ্ঠীৰ হাতত বিক্ৰী কৰিবৰ বাবে ষড়যন্ত্ৰ  ৰচিছে ৷ কিন্ত এবাৰ যদি ৰে'ল ব্যক্তিগত খণ্ডৰ হাতলৈ যায় , তেন্তে ৰে'ল আৰু সাধাৰণ মানুহৰ যাতায়তৰ মাধ্যম হৈ নাথাকিব ৷ কাৰণ য'ত মাত্ৰ ৫০ টকাতে মানুহ ২০০ কিলোমিটাৰ যাব পাৰিছে , সেয়া বহুত বেছি খৰচী হৈ পৰিব মাথো ব্যক্তিগত খণ্ডৰ মুনাফাৰ স্বাৰ্থত। 'এই ভাষ্য উত্তৰ-পূব সীমান্ত ৰে'লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক আশীষ বিশ্বাসৰ।অল ইণ্ডিয়া ৰে'লৱেমেনচ ফেডাৰেচনৰ আহ্বানমৰ্মে কেইবাখনো ৰে'ল ব্যক্তিগত খণ্ডৰ হাতত অৰ্পন কৰাৰ  প্ৰতিবাদত সমগ্ৰ ভাৰততে প্ৰতিবাদ দিৱস পালন কৰাৰ সমান্তৰালভাৱে শুকুৰবাৰে বঙাইগাঁও ৰে'ল ষ্টেচনতো উত্তৰ-পূব সীমান্ত ৰে'লৱে মজদুৰ ইউনিয়নৰ বঙাইগাঁও শাখাৰ উদ্যোগত আৰু ইউনিয়নৰ নিউ বঙাইগাঁও বিজি , কাৰখানা আৰু ৰানিং শাখাৰ সহযোগত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত ভাষণ প্ৰদান কৰি এইদৰে কয় নেতাগৰাকীয়ে ৷ তেওঁ কয় যে অল ইণ্ডিয়া ৰে'লৱেমেনচ ফেডাৰেচন আৰু উত্তৰ-পূব সীমান্ত ৰে'লৱে মজদুৰ ইউনিয়নে এয়া কাহানিও হবলৈ নিদিয়ে আৰু ইয়াৰ বিৰুদ্ধে সমগ্ৰ ভাৰতজুৰি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব ৷ এই প্ৰতিবাদী কাৰ্যসূচীত ইউনিয়নৰ কেন্দ্ৰীয় উপ সভাপতি ফণীধৰ দাস,বঙাইগাঁও শাখাৰ সভাপতি আৰু সম্পাদক ক্ৰমে দ্বীপেন বৰা আৰু শম্ভু প্ৰসাদ দাস,কাৰখানা শাখাৰ সভাপতি আৰু সম্পাদক নিৰ্মল চক্ৰৱৰ্তী আৰু পৱিত্ৰ বৰ্মণ,নিউ বঙাইগাঁও শাখাৰ সভাপতি মনোৰঞ্জন নায়ক প্ৰমুখ্যে বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে।উল্লেখ্য যে বঙাইগাঁৱৰ লগতে মালিগাঁও, লামডিং, তিনিচুকীয়া আদি স্থানতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় বুলি উত্তৰ-পূব সীমান্ত ৰে'লৱে মজদুৰ ইউনিয়নৰ প্ৰচাৰ সচিব কল্লোল দেৱ শৰ্মাই জানিবলৈ দিছে ৷

 

Your Comments