বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰৰ প্রতিবেদন :
বৰপেটাৰোডৰ সু-সন্তান তথা অসম সাহিত্য সভাৰ বৰপেটাৰোড অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি, জি এল পাব্লিকেচনৰ পৰিচালনা সঞ্চালক, জি এল আগৰৱালা আৰু নামনি অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান হাউলীৰ বি,এইচ কলেজৰ প্ৰতিস্থাপক অধ্যক্ষ সত্যনাথ দাস আৰু লোক সংস্কৃতিৰ গৱেষিকা অৱসৰপ্ৰাপ্ত অধ্যাপিকা ফুলকুমাৰী কলিতাৰ প্ৰতিমূৰ্তি বৰপেটাৰোডৰ বিভিন্ন স্থানত স্থাপনৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত বৰপেটাৰোড সাহিত্য সভাই যোৱা বছৰ গ্ৰহণ কৰিছিল ৷ ইতিমধ্যে ফুলকুমাৰী কলিতাৰ প্ৰতিমূৰ্তি স্থাপনৰ কাম একেবাৰে শেষ পৰ্যায়ত উপনীত হৈছে ৷ এতিয়া বাকী আছে মাথো জি এল আগৰৱালা আৰু সত্য নাথ দাসৰ প্ৰতিমূৰ্তি স্থাপনৰ কাম ৷ সেয়ে এই দুয়োগৰাকী ব্যক্তিৰ প্ৰতিমূৰ্তি যাতে সোনকালে প্ৰতিষ্ঠা কৰিব পৰা যায় তাৰ বাবে তাৰবাবে বৰপেটাৰোড সাহিত্য সভা আৰু বৰপেটাৰোড মাৰোৱাৰী সমাজৰ এখনি বৈঠক যোৱা ২অক্টোবৰৰ সন্ধিয়া ৰাধাকৃষ্ণ ঠাকুৰবাৰীৰ সভাকক্ষত অনুষ্ঠিত হৈ যায় ৷
সভাত জি এল আগৰৱালা আৰু সত্য নাথ দাসৰ প্ৰতিমূৰ্তি বৃহত্তৰ মাৰোৱাৰী সমাজ, বৰপেটাৰোড সাহিত্য সভা আৰু গোপীনাথ বৰদলৈ স্মাৰক উচ্চ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাত শ্ৰীধৰ শৰ্মাক সভাপতি, হিতেশ দাসক কাৰ্য্যকৰী সভাপতি, ভূপালী পাঠক চৌধুৰী, গোপাল মাহেশ্বৰী, কুলেন চৌধুৰী, ৰনজিৎ তালুকদাৰ আৰু মহেশ কেডিয়াক উপ সভাপতি, ভেৰু কুমাৰ শৰ্মা আৰু জয়ন্ত কুমাৰ দাসক যুটীয়া সাধাৰণ সম্পাদক , অৰুণ জৈন, ঘনশ্যাম ৰাঠী, অনুৰাগ আগৰৱালাক সহকাৰী সম্পাদক, অঞ্জন জ্যোতি নাথ,আৰু শ্বহিদুল ইছলামক প্ৰচাৰ সম্পদক, ধ্ৰুৱজ্যোতি নাথ আৰু হিমাংশু দাসক পত্ৰিকা সম্পাদক, সঞ্জু আগৰৱালাক কোষাধ্যক্ষ , মৌচম খেতৱত আৰু ধনজিৎ দাসক হিচাপ পৰীক্ষক ,ৰবি প্ৰকাশ আগৰৱালা, ওম প্ৰকাশ শৰ্মা, নিৰঞ্জন জুনজুনৱালা, বাল কৃষ্ণ শৰ্মা আৰু চম্পা দাসক সদস্য হিচাপে লৈ এখনি প্ৰতিমূৰ্তি নিৰ্মান সমিতি গঠন কৰা হয়। সভাই প্ৰতিমূৰ্তি স্থাপনৰ স্থান সম্পৰ্কে স্থানীয় বিধায়ক ৰনজিৎ কুমাৰ দাস আৰু বৰপেটাৰোড পৌৰসভাৰ লগত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰাৰ প্ৰস্তাৱ লয়।
- Log in to post comments
- 12 views