গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ আন্দোলনঃস্তবিৰ কাম-কাজ

dbaka

জমিৰ উদ্দিন তালুকদাৰ, ডবকা :

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত কৰ্মৰত ৮৬২০ জন ঠিকাভিত্তিক কৰ্মচাৰীয়ে পহিলা অক্টোবৰৰ পৰা আৰম্ভ কৰা কৰ্মবিৰতিয়ে আজি চতুৰ্থ দিনত ভৰি দিলে ৷ অহা ১১ অক্টোবৰলৈ চলিব এই প্ৰতিবাদ ৷ অসমৰ বিভিন্ন প্ৰান্তত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত কৰ্মৰত গ্ৰাম ৰোজগাৰ সহায়ক, কম্পিউটাৰ সহায়ক আৰু সহায়ক গাণনিকসকলৰ লগতে হোজাই জিলাৰ ৫ টা উন্নয়ন খণ্ডত কৰ্মৰত কৰ্মচাৰীয়ে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ হোজাই জিলা সমিতিয়েও তিনি দিন ধৰি কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট পালন কৰি আহিছে ৷ হোজাই জিলা সমিতিৰ হৈ সভাপতি ফখৰ উদ্দিন চৌধুৰী, যুটিয়া সম্পাদক হাৰুন ৰচিদ লস্কৰ আৰু কোষাধ্যক্ষ ছামচুজ জামালে এই প্ৰতিবাদৰ নেতৃত্ব দিছে ৷ বিভিন্ন দাবীৰ সমৰ্থনত হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ কৰে এইসকল ঠিকাভিত্তিক কৰ্মচাৰীয়ে ৷ কৰ্মচাৰীসকলৰ এই প্ৰতিবাদৰ ফলত হোজাই জিলাৰ পঞ্চায়ত আৰু উন্নয়ন খণ্ডবোৰৰ উন্নয়নমূলক কাম-কাজ স্তবিৰ হৈ পৰিছে ৷ প্ৰতিবাদী ঠিকাভিত্তিক কৰ্মচাৰীসকলে জানিবলৈ দিয়া মতে, ১ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈ চলিব এই প্ৰতিবাদ ৷ চৰকাৰে যদি এইসকল কৰ্মচাৰীৰ দাবীসমূহ মানি নলয়, তেন্তে অহা দিনত চৰকাৰৰ বিৰুদ্ধে জোৰদাৰ আন্দোলৰ হুংকাৰ দিয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ঠিকাভিত্তিক কৰ্মৰত কৰ্মচাৰীসকলে ৷ প্ৰতিবাদী কৰ্মচাৰীসকলে চাকৰী সুনিশ্চিত আৰু নিয়মীয়াকৰণ কৰা, চাকৰি নিয়মীয়াকৰণ নোহোৱালৈকে একে পদত কৰ্মৰত অন্যান্য কৰ্মচাৰীৰ সমহাৰত বেতন, গ্ৰেড পে, গ্ৰেড স্কেল প্ৰদানৰ দাবী উত্থাপন কৰে ৷

Your Comments