বোকাপানীৰে একাকাৰ কদমতলৰ পৰা মিলনপূৰ পথ : দুৰ্ভোগ ভুগিছে সৌৰামুৰীবাসী ৰাইজে

baharghat

নৰেন শৰ্মা,বাহাৰঘাট : 

হাজো বিধানসভা সমষ্টিৰ বাৰাংহাটী গাওঁ পঞ্চায়তৰ অন্তৰ্গত সৌৰামুৰী গাওঁৰ কদমতলৰ পৰা মিলনপূৰলৈ সমগ্ৰ পথছোৱাৰ বোকাময় অৱস্থাই উক্ত পথছোৱাৰে যাতায়ত কৰা সকলো পৰ্য্যায়ৰ ৰাইজক দুৰ্ভোগ ভোগাই আহিছে।পৰিবৰ্তনশীল চৰকাৰ খনৰ তিনি বছৰ উকলি যোৱাৰ পিচতো উক্ত পথছোৱাৰ মেৰামতিৰ নামত মাথো ভেকোভাওনাহে চলি থকা বুলি এতিয়া স্থানীয় ৰাইজে অভিযোগ কৰিব লৈছে।পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনৰে পৰাই পথটো কেইবাবাৰো মেৰামতি কৰিছিল যদিও পথটো কেতিয়াও যাতায়তৰ উপযোগী হৈ নুঠিল৷ৰাইজৰ অভিযোগ পঞ্চায়তৰ একাংশ বিষয়া কৰ্মচাৰীৰ খিৰতী খাইত পৰিণত কৰি লৈছে এই পথটো৷বৰ্তমান হৈ থকা ধাৰাবাহিক বৰষুণৰবাবে পথটো বোকা পানীৰে একাকাৰ হৈ কদৰ্য ৰূপ ধাৰন কৰিছে৷পৰিস্থিতি এনে পৰ্যায় পাইছে গৈ যে উক্ত পথটোৰে যানবাহনটো দুৰৰ কথা খোজকাঢ়ি যাব লাগিলেও জোটা চেন্দেল পিন্ধি যোৱাৰ পৰিবেশ নাই৷ স্থানীয় ৰাইজে এইক্ষেত্ৰত খেদ প্ৰকাশ কৰি কয় যে স্থানীয় গাওঁ পঞ্চায়তৰ প্ৰতিনিধি তথা বিধায়িকাক বাৰে বাৰে অনুৰোধ কৰাৰ পিচতো পথটো যাতায়তৰ বাবে উপযোগী কৰি তোলা নাই৷সেয়েহে পশ্চিম বড়িগোগ আঞ্চলিক ছাত্ৰ সন্থাৰ সভিপতি বিজিত কলিতা সহ স্থানীয় কেইবাজনো বিশিষ্ট ব্যক্তিয়ে এইক্ষেত্ৰত আক্ষেপ কৰি কয় যে ইমান জনবহুল আৰু গুৰুত্বপূৰ্ণ পথ এটাৰ  কদৰ্য ৰূপ অঞ্চলটোৰ বাবেই দুৰ্ভাগ্যজনক৷ সেয়ে পথটো শীঘ্ৰেই মেৰামতি কৰি যাতায়তৰ সুচল কৰাৰ বাবে ছাত্ৰ সন্থাই জনপ্ৰতিনিধি সকলৰ ওচৰত দাবী উত্থাপন কৰে।

Your Comments