বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদন :
নামনি অসমৰ অতি পিছপৰা ধুবুৰী জিলাৰ ২৭ নং পূৱ বিধান সভা সমষ্টিৰ বিজেপি বিধায়ক অশোক কুমাৰ সিংহীৰ পৌৰহতিত্বত ধুবুৰী জিলাৰ ৰানীগঞ্জ আৰু চাপৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত বৃহস্পতিবাৰে বিলাসীপাৰা মহাবিদ্যালয়ত এক মহা স্বাস্থ্য মেলা আৰু সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভা খন শুভ- উদ্বোধন কৰে ধুবুৰী জিলাৰ উপায়ুক্ত শ্ৰীযুত অনন্ত লাল জ্ঞানী , বিধায়ক অশোক কুমাৰ সিংহী, বিলাসীপাৰাৰ মহকুমাধিপতি ৰোহন কুমাৰ ঝা বিলাসীপাৰা ৰাজহ-চক্রৰ বিষয়া ছাৰ্ফ্ৰাচ হকৰ লগতে কলিকতাৰ পৰা অহা ডঃ অঞ্জুলা বিনায়াকা ( প্ৰসুঁতি বিভাগ), ডঃ সিদ্ধাৰ্থ প্ৰিন্স( দন্ত বিভাগ) ,ধুবুৰীৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডঃ এচ এম ইমদুল্লা আদিকে ধৰি বহু বিভিন্ন গন্য মান্য ব্যক্তি উপস্থিত থাকে । উল্লেখ্য যে উক্ত উদ্বোধনী অনুষ্ঠানটোত প্ৰায় পাঁচ হেজাৰৰো অধিক লোক উপস্থিত থকাৰ লগতে ইয়াৰে বহু লোকৰ স্বাস্থ্য পৰীক্ষা কৰা বুলি জানিব পৰা গৈছে।
- Log in to post comments
- 4 views