বঙাইগাঁৱৰ প্ৰতিবেদক:
মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে বুধবাৰে বঙাইগাঁও পৌৰ সভাই 'স্বচ্ছতাই সেৱা' কাৰ্যসূচীৰ অধীনত চহৰখনৰ পাগলাস্থানত এক চাফাই অভিযান চলায়।এই চাফাই অভিযানৰ পূৰ্বে পাগলাস্থানত থকা মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তিত বঙাইগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদক চি পি তালুকদাৰ আৰু বঙাইগাঁও পৌৰ সভাৰ সভাপতি দীপু চৌধুৰীয়ে বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ পৌৰপতি দীপু চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানত অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগৰ দ্বাৰা নিযুক্ত গোটা আৱৰ্জনা প্ৰৱন্ধন বিশেষজ্ঞ ড°প্ৰদীপ বৈশ্যই প্লাষ্টিক ব্যৱহাৰৰ ভয়াৱহতা তথা প্ৰদূষণ সম্পৰ্কে বক্তব্য প্ৰদান কৰে।লগতে এবাৰেই ব্যৱহাৰযোগ্য প্লাষ্টিক ৰাইজক ব্যৱহাৰ নকৰিবলৈ আহ্বান জনায়।সেইদৰে জিলা আইন প্ৰাধিকাৰীৰ সম্পাদক চি পি তালুকদাৰেও ৰাইজক প্লাষ্টিক ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ৷ তেওঁ আৰু কয় যে মহামানৱ মহাত্মা গান্ধীয়ে স্বচ্ছতাৰ যি সপোন দেখিছিল, সেয়া আজি আইনত পৰিণত কৰি তাক বাস্তৱায়িত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ সেয়ে সকলোৱে স্বচ্ছ ভাৰত নিৰ্মাণৰ বাবে প্লাষ্টিক ব্যৱহাৰৰ পৰা আঁতৰি থাকিব লাগিব বুলি কয় ৷ ইয়াৰ পিছতে পাগলাস্থানৰ এলুমিনিয়াম উদ্যোগ পথত চাফাই অভিযান চলোৱাৰ লগতে দোকানৰ গৰাকীসকলক এবাৰই ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰ নকৰিবলৈ অহ্বান জনোৱা হয় ৷ লগতে এই আহ্বানৰ প্ৰতি সঁহাৰি নজনালে আইন অনুসৰি জৰিমনা বিহা হ'ব বুলিও অৱগত কৰে ৷ উল্লেখ্য যে এই চাফাই অভিযানত বঙাইগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়েও সহযোগ কৰে ৷
- Log in to post comments
- 20 views