আহিনৰ বোকোচাত উঠি আকৌ আহিল শৰৎ : মৃত শিল্পীৰ হাতত প্ৰাণ পাই উঠিছে দুৰ্গা প্ৰতিমাই

batadraba

বটদ্ৰবাৰ পৰা নিপন নাথৰ প্রতিবেদন :

এতিয়া শাৰদীয় বতৰ।আহিনৰ বোকোচাত উঠি আকৌ আহিল শৰৎ ৷ ধৰাৰ বুকুলৈ দুৰ্গা দেৱী আহিবলৈ যি দৰে এতিয়া সাজু হৈ উঠিছে, একে দৰে  দুৰ্গা দেৱীৰ আৰ্শীষ লৱলৈ সাজু হৈছে ভক্ত। তাৰ সমান্তৰালকৈ দুৰ্গা দেৱীৰ প্ৰতিমা নিৰ্মাণকলৈ অন্তহীন ব্যস্ত হৈ পৰিছে মৃত শিল্পী সকল।ৰাজ্যৰ আন আন ঠাইৰ লগতে নগাঁওতো প্ৰস্তুতি চলিছে শাৰদীয় দুৰ্গোৎসৱ আয়োজনৰ। যাকলৈ এতিয়া ব্যস্ত হৈ পৰিছে অঞ্চলটোৰ মৃত শিল্পী সকল। ৰং তালিকাৰে সাজু কৰি তুলিছে দেৱীৰ প্ৰতিমা সমূহ। দূৰ্গা পূজাৰ দিন যিমানেই চমু চাপি আহিছে ,সিমানেই মৃত শিল্পী সকলৰ হাতৰ পৰশত যেন প্ৰাণ পাই উঠিবলৈ ধৰিছে দূৰ্গা দেৱীৰ প্ৰতিমা সমূহে। 

batadraba
।বিগত পাঁচ বছৰ ধৰি মৃত শিল্প কলাৰ লগত জড়িত হৈ পৰিয়াল পোহপাল দিয়া নগাঁওৰ মৃত শিল্পী ৰাম দাসে এই বছৰৰ পূজালৈ বুলি চাৰি মাহ পূৰ্বৰে পৰা ব্যস্ত হৈ পৰিছে কুঁহিলাৰ দেৱীৰ প্ৰতিমা সমূহ নিৰ্মাণ কৰাত। প্ৰতি বছৰৰ দৰে এইবাৰো নগাঁও জিলাত বহু কেইখন পূজা কমিটিৰ পূজা মণ্ডপলৈ প্ৰতিমা যোগান ধৰিব দাসে।

Your Comments