বঙাইগাঁও জিলাত  মহামানৱ মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে পদযাত্রা- 'প্লগিং'

bgn

বঙাইগাঁওঃ

সমগ্ৰ দেশৰ লগতে বুধবাৰে বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগতো জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম জয়ন্তী 'প্লগিং' আৰু চাইক্লোথন সমাৰোহৰে পালন কৰা হয় । এই উপলক্ষে পুৱা ৬.৩০ বজাত  জিলা উপায়ুক্ত আদিল খানে মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিৰ সন্মুখনত বন্তি প্ৰজ্বলন আৰু মাল্যদান কৰি শ্ৰদ্ধাঞ্জলি জনায় । ইয়াৰ পিছত জনসাধাৰণক প্ৰাকৃতিক প্ৰদূষণৰ পৰা ৰক্ষা কৰিব পৰাকৈ বঙাইগাঁও গান্ধী ময়দানৰ পৰা দেউৰীপাৰাস্থিত নৰনাৰায়ণ খেল পথাৰলৈ পদযাত্রা আৰম্ভ কৰে আৰু এই পদযাত্রাৰ সময়ত অংশগ্ৰহণকাৰী সকলে পথৰ দাঁতিত পৰি থকা প্লাষ্টিক জাতীয় তথা পথত পৰি থকা আৱৰ্জনাবোৰ সংগ্ৰহ কৰি প্লাষ্টিক নিষিদ্ধকৰণৰ বাবে ৰাইজক আহবান জনায় । জিলা উপায়ুক্ত আদিল খানে এই পদযাত্রা ( প্লগিং) কাৰ্যসূচীৰ পতাকা জোকাৰি শুভৰাম্ভ কৰে । উল্লেখ্য যে স্বাধীনতা সংগ্ৰামৰ সময়ত মহাত্মা গান্ধীৰ দ্বাৰা পৰিচালিত দীৰ্ঘ যাত্রাৰ বিষয়ে জিলা উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱীয়ে পদযাত্রা কাৰ্যসূচীত অংশগ্ৰহণকাৰী সকলৰ সন্মুখত স্মৰণ কৰে। প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোডীয়ে জনোৱা সুস্থতা আৰু প্লাষ্টিক নিষিদ্ধকৰণৰ আহবানমৰ্ম্মে অতিৰিক্ত উপায়ু্ক্ত অৰূপ কুমাৰ শৰ্মাৰ নেতৃত্বত ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্রালয়ৰ বহুমুখী প্ৰকল্প 'প্লগিং' কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷bgn

এই পদযাত্রাত বঙাইগাঁও জিলাৰ আৰক্ষী আধীক্ষক সুবোধ কুমাৰ সোণোৱাল , বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া নাদিৰা জেছমিন,জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক অমৰ চৌধুৰী,উপ আৰক্ষী অধীক্ষক মৈয়েত্ৰী ডেকা, ৰাজহ চক্ৰ বিষয়া  সকলৰ লগতে অন্যান্য বিভাগৰ বিষয়া- কৰ্মচাৰীসকল , অৰ্ধ সামৰিক বাহিনীৰ জোৱান তথা বিভিন্নজনে উৎসাহৰে অংশগ্ৰহণ কৰে ৷ ইপিনে জিলা উপায়ুক্ত খানে কাৰ্যসূচীত অংশ গ্ৰহণ কৰা সকলোকে আন্তৰিক ধন্যবাদ জনাই কয় যে পাচঁ বছৰ আগতে এই দিনটোতে প্ৰধানমন্ত্রীয়ে 'স্বচ্ছ ভাৰত মিছন' আৰম্ভ কৰিছিল আৰু দেশৰ জনসাধাৰণে মুকলিত মলত্যাগ কৰা বন্ধ কৰাৰ বাবে ১০ কোটি শৌচাগাৰ নিৰ্মাণৰ বাবে আহবান জনাইছিল । ফলত এতিয়া দেশত মুকলিত মলত্যাগ মুক্ত হৈছে ৷ এই বছৰ প্ৰধানমন্ত্রীয়ে ফিট ইণ্ডিয়া তথা এবাৰ গান্ধী জয়ন্তীত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰাৰ বাবে আহবান জনাইছে ৷ গতিকে এই আহ্বানক সকলোকে সঁহাৰি জনাবলৈ জিলা উপায়ুক্তগৰাকীয়ে আহ্বান জনায় ৷ উপায়ুক্তগৰাকীয়ে লগতে বঙাইগাঁও জিলা প্ৰশাসনৰ প্লাষ্টিক প্ৰকল্প উদ্যোগৰ কথাও উল্লেখ কৰি কয় যে এই প্ৰকল্পৰ অধীনত যিকোনো নাগৰিকে প্লাষ্টিক বেংকত এক কেজি প্লাষ্টিক বা পলিথিন জমা দি তাৰ বিনিময়ত মূল্যবান গছপুলি নিব পাৰিব । তেওঁ 'বেটি বাচাও বেটি পঢ়াও' আঁচনিখনৰ কথাও উল্লেখ কৰে। তেওঁ প্ৰতি গৰাকী ব্যক্তিক উদ্দেশ্যি এইখিনিও কয় যে এজন মানুহ শাৰীৰিকভাৱে আৰু আৰ্থিকভাৱে সৱল হলেই যে তেওঁ সুখী জীৱন অতিবাহিত কৰিব পাৰিছে তেনে নহয় , সুখী জীৱন যাপন সেইজন ব্যক্তিয়ে কৰে যিজনে মানসিকভাবে সদায় সবল বা সক্ষম হৈ জীয়াই থাকে । ইয়াৰ পিছত বঙাইগাঁও গান্ধী ময়দানৰ পৰা উত্তৰ শালমাৰা চ'কলৈ পুৱা ৭ বজাত পোন প্ৰথমবাৰৰ বাবে' চাইক্লোথন- এক চাইকেল সমাৰোহ' শীৰ্ষক কাৰ্যসূচীৰ আৰম্ভ কৰা হয় । এই চাইক্লোথন কাৰ্যসূচীৰ উপায়ুক্তগৰাকীয়ে পতাকা জোকাৰি শুভৰাম্ভ কৰে । এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰাসকলে বঙাইগাঁও মাজগাঁওস্থিত অসামৰিক চিকিৎসালয়ৰ সন্মুখত জিৰণি লৈ তাৰে ওচৰ-পাজৰে তথা সন্মুখ আদিৰ পৰিত্যক্ত আৱৰ্জনা সমূহ সংগ্ৰহ কৰি পাচি , খালৈ আৰু ডাষ্টবিনত ৰাখে । এই চাইক্লোথন কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰে উপায়ুক্ত আদিল খানে ৷ চাইক্লোথনত জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা উত্তৰ শালমাৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি মেঘনিধি দাহাল, সহকাৰী আয়ুক্ত মাচুম ইউচুপ আহমেদ ,বঙাইগাঁও ল'ৱাৰ আসাম হস্পিতালৰ জ্যেষ্ঠ চিকিৎসক ডা.আই বৰদলৈ , জিলা সদৰৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী , ক্লাবৰ সদস্য আৰু বিদ্যালয়ৰ ছাত্র-ছাত্রীসকলে অংশগ্ৰহণ কৰে ৷ উল্লেখযোগ্য যে এই কাৰ্যসূচীৰ অন্তত সকলোৱে উভতি আহি গান্ধী ময়দানত মিলিত হয় । ইয়াৰ পিছত উপায়ুক্ত আদিল খানে চাইক্লোথন কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক একোখনকৈ কাপোৰৰ বেগ আৰু মানপত্র প্ৰদান কৰি শেষত সকলোকে আন্তৰিক ধন্যবাদ জনায় l

Your Comments