বঙাইগাঁৱত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰীৰ কৰ্মবিৰতি পালন

bgn

বঙাইগাঁওঃ 

সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাঁৱতো পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত বুধবাৰে দ্বিতীয় দিনাও ডাংতল উন্নয়ন খণ্ডৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰাৰ লগতে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ঠিকাভিত্তিক কৰ্মচাৰিসকলে চাকৰি সুনিশ্চিত কৰাৰ লগতে নিয়মীয়াকৰণ কৰা, চাকৰি নিয়মীয়াকৰণ নোহোৱালৈকে নিয়মীয়া কৰ্মচাৰীসকলে পোৱা বেতনৰ সমাহাৰত (গ্ৰেড পে',স্কেল পে) দিয়া আৰু নিয়মীয়া কৰ্মচাৰীসকলে চৰকাৰৰ পৰা পোৱা সকলো সা- সুবিধা প্ৰদান কৰাৰ দাবীত এই কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ উল্লেখ্য যে ঠিকাভিত্তিক কৰ্মচাৰীসকলে মঙলবাৰে বিদ্যাপুৰস্থিত ডাংতল উন্নয়ন খণ্ডৰ কাৰ্যালয়ত কৰ্মবিৰতি তথা অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰিছিল যদিও বুধবাৰে বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত বিভাগীয় কাৰ্যালয়ৰ চৌহদত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে উপৰোক্ত দাবীত পাঁচদিনীয়া কৰ্মবিৰতি কাৰ্যসূচী গ্ৰহণ কৰিছে ৷

Your Comments