গান্ধী জয়ন্তী উপলক্ষে মাজুলীৰ পঞ্চায়তে পঞ্চায়তে সামুহিক শ্ৰমদান

majuli

নিউজ এএছএন, মাজুলী :

জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম জয়ন্তীত মহামানৱগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ অৰ্থে বুধবাৰে মাজুলী জিলাৰ প্ৰত্যেক গাঁও পঞ্চায়ত এলেকাতে 'সমূহীয়া দৌৰ আৰু চাফাই অভিযান' (প্ল'গিং ৰাণ) কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰা হয়। মানৱ সমাজ আৰু পৰিবেশলৈ প্লাষ্টিকে কঢ়িয়াই অনা ভাবুকিৰ প্ৰতি জনসাধাৰণক সচেষ্ট কৰাৰ লগতে দেশৰ নৱপ্ৰজন্মক সুস্থ-সবল-নিৰোগী শৰীৰৰ অধিকাৰী কৰাৰ বাবে উদ্বুদ্ধ কৰাৰ লক্ষ্যৰে দৌৰৰ সমান্তৰালকৈ পথৰ আশে পাশে পৰি থকা প্লাষ্টিকৰ বটল তথা আৱৰ্জনা আদি আঁতৰোৱাৰ এই সামূহিক শ্ৰমদান কাৰ্সূচীৰ পাছতে জিলাখনৰ সকলো গাঁও পঞ্চায়ত কাৰ্যালয়ত এইবাৰৰ প্ৰথমখন গাঁও সভা অনুষ্ঠিত কৰা হয়। গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা এই বিশেষ কাৰ্যসূচীৰ অংশ হিচাপে বুধবাৰে পুৱা জিলা সদৰ এলেকাত গড়মূৰ গাঁও পঞ্চায়তৰ উদ্যোগত আয়োজিত 'ফিট ইণ্ডিয়া প্ল'গিং' কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মাজুলী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নৰনাৰায়ণ নাথে। দৌৰৰ মাজে মাজে পথৰ দাঁতিত পৰি থকা প্লাষ্টিকৰ বটল-আৱৰ্জনা আদি পৰিষ্কৰণৰ এই সামূহিক দৌৰ তথা শ্ৰমদান কাৰ্যসূচীত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে নিজেও ভাগ লয়।

sib একেদৰে কমলাবাৰী গাঁও পঞ্চায়তৰ উদ্যোগত কমলাবাৰীত আয়োজিত পুৱাৰ এই 'ফিট ইণ্ডিয়া প্ল'গিং' কাৰ্যসূচীত ভাগ লয় জিলা পৰিষদৰ সভানেত্ৰী পাপু হাজৰিকা দত্তই। জিলাখনৰ দুয়োটা উন্নয়ন খণ্ডই সামৰা ২০খন গাঁও পঞ্চায়তৰ প্ৰতিখনতে পুৱা আয়োজিত এই সামূহিক দৌৰৰ মাজতে চাফাই কাৰ্যসূচীত স্থানীয় ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকলেও অংশগ্ৰহণ কৰি দৌৰাৰ সমান্তৰালকৈ বাটে-পথে পৰি থকা প্লাষ্টিকজাতীয়  আৱৰ্জনাৰ লগতে অন্য জাৱৰো সংগ্ৰহ কৰি পঞ্চায়তে পঞ্চায়তে জমা কৰে। পাছত জনস্বাস্থ্য কাৰিকৰী বিভাগে এই প্লাষ্টিক তথা আৱৰ্জনাসমূহ পঞ্চায়তসমূহৰ পৰা সংগ্ৰহ কৰি নিয়ে। এই ফিট ইণ্ডিয়া প্ল'গিং ৰাণৰ পাছতে গাঁও পঞ্চায়ত সমূহত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণেৰে গাঁও সভা অনুষ্ঠিত কৰি প্ৰতিখন পঞ্চায়তত আগন্তুক বৰ্ষত অগ্ৰাধিকাৰ ভিত্তিত ৰূপায়ণ কৰিবলগা গাঁও উন্নয়নৰ আঁচনিসমূহৰ পৰিকল্পনা প্ৰস্তুত কৰি উলিওৱা হয়। এই গাঁও সভাত স্থানীয় ৰাইজে অংশগ্ৰহণ কৰি গাঁৱৰ উন্নয়নৰ হকে নিজৰ ফালৰ পৰা আঁচনিৰ প্ৰস্তাৱ দাঙি ধৰাৰ লগতে পঞ্চায়তৰ কাম-কাজ সন্দৰ্ভত মতামত ব্যক্ত কৰে। ইফালে, মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ত বুধবাৰে পুৱা অনুষ্ঠিত এক অনুষ্ঠানত জাতিৰ পিতা গান্ধীজীৰ আদৰ্শ আৰু কৰ্মৰাজীক সশ্ৰদ্ধ স্মৰণ কৰা হয়। উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী সকলৰ উপস্থিতিত আয়োজিত এই অনুষ্ঠানৰ অংশ হিচাপে কাৰ্যালয় চৌহদত থকা গান্ধীজীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণেৰে জিলা প্ৰশাসনৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথে ।

Your Comments