মৰিগাঁৱৰ পৰা জিতুমণি নাথ:
জাতিৰ পিতা মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰি থৈ যোৱা অহিংসা মন্ত্ৰ আণৱিক বা ৰাসায়নিক বোমাতকৈ শক্তিশালী অস্ত্ৰ -এই মন্তব্য অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ। মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত বুধবাৰে জাগীৰোডত অনুষ্ঠিত জাতিৰ পিতা মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তীৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে কয় যে জাতিৰ পিতা মহাত্মা গান্ধীয়ে বহু বছৰ আগতে কৈ যোৱা প্ৰতিটো কথাই আজিও প্ৰাসংগিক হৈ আছে। জাগীৰোড মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখনত ৰাজ্যপালগৰাকীয়ে কয় যে মহাত্মা গান্ধীৰ অতি সাধাৰণ জীৱন অনুকৰণীয় আদৰ্শ ।বিশেষকৈ গান্ধীজীৰ সত্য আৰু অহিংসাৰ মূলমন্ত্ৰ আজি পৃথিৱীৰ বহু দেশে গ্ৰহণ কৰিছে।অহিংসাৰ জৰিয়তে জগৎ জয় কৰিব পাৰি।যিটো গান্ধীজীয়ে এটম বা ৰাসায়নিক বোমাতকৈ শক্তিশালী অস্ত্ৰ হিচাপে প্ৰতিষ্ঠা কৰি গৈছে।এই অহিংসা নীতিৰে তেওঁ মহা শক্তিশালী ইংৰাজসকলক ভাৰত এৰি যাবলৈ বাধ্য কৰিছিল।গান্ধীজীৰ সপোন আছিল দেশী সামগ্ৰী উৎপাদন কৰি দেশখনক স্বাৱলম্বী কৰি তোলা আৰু গ্ৰামাঞ্চলৰ উন্নতিৰে দেশৰ অৰ্থনীতি সবল কৰি তোলা ।তেওঁ বিচাৰিছিল দেশৰ প্ৰতিখন চহৰ ,গাঁও পৰিস্কাৰ পৰিচ্ছন্ন হোৱাটো,যিটো আজি বৰ্তমানৰ চৰকাৰে সাকাৰ কৰিবলৈ বিচাৰিছে স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে । কোনো আইন প্ৰয়োগ নকৰাকৈ জনসাধাৰণৰক স্বচ্ছতাৰ ক্ষেত্ৰত সজাগ কৰি এই অভিযান সফল কৰিবলৈ প্ৰচেষ্টা চলাইছে ।এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰি পৰিৱেশ নিৰ্মূল কৰাৰ বাবে চৰকাৰে দেশখন প্লাষ্টিক মুক্ত দেশ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ লোৱা প্ৰচেষ্টাক উচ্চ প্ৰশংসা কৰি ৰাজ্যপাল গৰাকীয়ে কয় যে গোলকীয় উষ্ণতা বৰ্তমান সময়ত সমগ্ৰ বিশ্বৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে দেখা দিছে । সমগ্ৰ বিশ্বই এতিয়া গোলকীয় উষ্ণতা ৰোধৰ বাবে উদ্যোগ লব লাগিব ।সেয়ে ভাৰত চৰকাৰে বৃহৎ উদ্যোগৰ পৰিবৰ্তে ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে আৰু ক্ষুদ্ৰ উদ্যোগত কৌশল-দক্ষতা বৃদ্ধি কৰি দেশৰ নিবনুৱা সমস্যাৰ সমাধান কৰিবলৈ বিচাৰিছে।ৰাজ্যপালগৰাকীয়ে মহাত্মা গান্ধীৰ সপোনৰ ভাৰতবৰ্ষখন প্ৰতিষ্ঠা কৰিবলৈ স্বচ্ছতাক আকোৱালী ল'বলৈ আৰু প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বৰ্জন কৰিবলৈ সকলোকে আহ্বান জনাই।তেওঁ সমস্যা বহুল মৰিগাঁও জিলাখনৰ উন্নয়নৰ বাবে জিলাখনক 'এডপ্ত 'কৰা বুলি ঘোষণা কৰে । মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী ,জিলা উপায়ুক্ত ঋতুৰাজ বৰাই ভাষণ প্ৰদান কৰা সভাখনত আদৰণি ভাষণ দিয়ে জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ভৱেন চন্দ্ৰ নেওগে ।ইয়াৰ পূৰ্বে মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি মৰিগাঁও জিলা প্ৰশাসনে জাগীৰোড পৰিদৰ্শন বাংলো প্ৰসংগত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰে ।জাগীৰোড মহাবিদ্যালয়ৰ সভাখনত অংশগ্ৰহণৰ পূৰ্বে ৰাজ্যপাল জগদীশ মুখীয়ে বাংলোত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলিৰে শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীক স্বচ্ছতা বেজ প্ৰদান কৰে। ইয়াৰ পিছতেই জাগীৰোড মহাবিদ্যালয় আৰু জাগীৰোড নগৰত বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হয় স্বচ্ছ ভাৰত অভিযান।
- Log in to post comments
- 25 views